গুৱাহাটী– অসমৰ ৰাজনীতি জগতৰ এটি উজ্জ্বল ভোটা তৰা স্বৰূপ আছিল প্ৰাক্তন মুখ্য়মন্ত্ৰী তৰুণ গগৈ। তেওঁৰ সহজ-সৰল হাঁহিটোৱে সকলোকে আকৃষ্ট কৰিছিল।
তেওঁৰ মৃতু্্য়ত এজন ৰাজনীতিবিদক হেৰুৱাৰ দুখত নহয় ্এজন প্ৰিয় ব্য়ক্তিক হেৰুৱাৰ দুখত নিৰৱে চকুলো টুকিছে হিন্দু,মুছলমান,খ্ৰীষ্টান ধৰ্ম নিৰ্বিশেষে।
প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ শাসন কালত তেওঁ জাতি-ধৰ্ম নিৰ্বিশেষে সকলোকে একতাৰ ডোলেৰে বান্ধি ৰাখিছিল। তেওঁৰ মৃত্যুত নশ্বৰ দেহৰ পিছে পিছে শাৰী পাতিছে অগণন গুনমুগ্ধই।
২৩নৱেম্বৰ সোমবাৰে সন্ধিয়া ৫বাজি ৩৪ মিনিটত প্ৰাক্তণ মুখ্য়মন্ত্ৰী তৰুণ গগৈৰ জি এম চি এইচত মৃত্যুৰ পাছতে মঙলবাৰে তেওঁৰ মৃতদেহ ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ বাবে শংকৰদেৱ কলাক্ষেত্ৰত ৰখা হয়। বৃহস্পতি বাৰে শোভাযাত্ৰা কৰি তেওঁৰ নশ্বৰ দেহ কলাক্ষেত্ৰৰ পৰা পোনে পোনে চৰকাৰী বাসভৱন তাৰ পিছত ৰুক্মিণী গাঁওৰ গীৰ্জালৈ লৈ যোৱা হয়। তাৰ পিছত জু-ৰোডৰ শ্ৰী মন্ত শংকৰদেৱ কৃষ্টি সংঘৰ নামঘৰৰ পৰা আমবাৰী বুঢ়া মছজিদলৈ লৈ যোৱা হয় প্ৰাক্তন মুখ্য়মন্ত্ৰী গৰাকীৰ নশ্বৰ দেহ।
অধিবক্তা নেকিবুৰ জামানে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ মৃতু্্য়ত শোক ব্য়ক্ত কৰি কয় ,’তৰুণ গগৈ এগৰাকী ধৰ্ম নিৰপেক্ষ ব্য়ক্তি আছিল।’
মছজিদৰ পৰা তেওঁৰ নশ্বৰ দেহ উগ্ৰতাৰা মন্দিৰ হৈ নৱগ্ৰহ শ্মশানলৈ লৈ যোৱা হয়। নৱগ্ৰহ শ্মশানতে বিয়লি ভাগত গগৈৰ অন্ত্যেষ্টিক্রিয়া সম্পন্ন কৰা হয়।
এয়া আছিল প্ৰাক্তন মুখ্য়মন্ত্ৰী গৰাকীৰ জীৱিত কালৰ শেষ ইচ্ছা। জীয়াই থাকোতেই পুত্ৰ গৌৰৱ গগৈক কৈছিল তেওঁৰ মৃতু্্য়ৰ পিছত সকলো ধৰ্মৰ উপাসনাস্থলীলৈ মৃতদেহ লৈ যাবলৈ।পুত্ৰ গৌৰৱ গগৈ প্ৰাক্তন মুখ্য়মন্ত্ৰী গৰাকীৰ মুখাগ্নি কৰে ।
আনহাতে প্ৰাক্তন মুখ্য়মন্ত্ৰী গৰাকীৰ অন্ত্যেষ্টিক্রিয়াত অংশ গ্ৰহণ কৰিব নোৱাৰা ্তেওঁৰ গৃহসমষ্টি তিতাবৰৰ বহু সংখ্য়ক লোকে টেলিভিছনৰ পৰ্দাত অন্ত্যেষ্টিক্রিয়া দৰ্শন কৰি প্ৰিয় ব্য়ক্তিজনৰ ফটোতে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।
প্ৰাক্তন মুখ্য়মন্ত্ৰী গৰাকীৰ চিতাভস্ম প্ৰতিখন জিলালৈ লৈ যাব পুত্ৰ গৌৰৱ গগৈয়ে। প্ৰথমে গৃহসমষ্টি তিতাবৰলৈ লৈ যোৱা হ’ব তাৰ পিছত বৰাক-ব্ৰহ্মপুত্ৰ উপত্য়কাৰ উজনি-নামনি প্ৰতিখন জিলালৈ লৈ যোৱা হ’ব সকলোৰে পিতৃস্বৰূপ প্ৰিয় ব্য়ক্তি গৰাকীৰ চিতাভস্ম।মৃতু্্য়ৰ পিছতো প্ৰাক্তন মুখ্য়মন্ত্ৰী গৰাকীয়ে দেখুৱাই গ’ল একতাৰ নিদৰ্শন।