গুৱাহাটী – “মন পখিলা – এগৰাকী মহিলাৰ সপোন”ৰ দ্বিতীয় চিজন ঘোষণা। কিশ্মা ভেঞ্চাৰ অসমৰ এক সামাজিক উদ্যোগ ষ্টাৰ্টআপে “মন পখিলা-এগৰাকী মহিলাৰ সপোন” শীৰ্ষক অনুষ্ঠানটোৰ চিজন ২ ঘোষণা কৰিছে। যিসকল বিবাহিত মহিলাই তেওঁলোকৰ সাংস্কৃতিক আৰু সৃষ্টিশীল প্ৰতিভা প্ৰদৰ্শন কৰিবলৈ কোনো সমৰ্থন লাভ নকৰে তেওঁলোকক এই অনুষ্ঠানটোৱে প্ৰতিভা প্ৰদৰ্শনৰ এক মঞ্চ প্ৰদান কৰে।
“মন পখিলা-এগৰাকী মহিলাৰ সপোন” অনুষ্ঠানৰ ধাৰণাটোৱে মূলত হৈছে মধ্যবিত্ত মহিলাসকলৰ ওপৰত গুৰুত্ব প্ৰদান কৰা। যিসকল প্ৰতিভাশালী আৰু শিক্ষিত মহিলাই ব্যক্তিগত আৰু পৰিয়ালৰ মাজত ব্যস্ত হৈ থকাৰ বাবে নিজৰ পৰিচয় হেৰুৱাইছে মন পখিলাই তেওঁলোকৰ এই ৰূপান্তৰৰ পৰিক্ৰমা প্ৰতিভা, ব্যক্তিত্ব, নেতৃত্ব, আভ্যন্তৰীণ বিকাশ আৰু জীৱনসংগীৰ সৈতে পৰামৰ্শমূলক আলোচনাসহ এক বৃহৎ কভাৰেজসহ অধিক প্ৰভাৱশালী কৰি তোলে।
মন পখিলাৰ ৱেবছাইট www.kishmaventure.com ত অনলাইন পঞ্জীয়ন প্ৰক্ৰিয়া ইতিমধ্যে উপলব্ধ হৈছে আৰু ইচ্ছুক অংশগ্ৰহণকাৰী সকলে অডিচনৰ দিনা ৫ আৰু ৬ ফেব্ৰুৱাৰীত দিনৰ ১২:৩০ বজাৰ পৰা বিয়লি ৪ বজালৈকে এন একছ টি জিম, এ.বি.চি., গুৱাহাটীত পঞ্জীয়ন কৰিব পাৰিব। অডিচনৰ বিচাৰকমণ্ডলী ৰূপে থাকিব প্ৰিয়াংকু বৰদলৈ, চেচন সংগীতজ্ঞ আৰু প্ৰযোজক, ৰুপক গগৈ, অভিনেতা আৰু পৰিচালক আৰু বনশ্ৰী শৰ্মা, মন পখিলা মাদৈ তথা মন পখিলা ভলিউম ১ থিম সংগীতৰ মুখ্য গায়িকা।
“মন পখিলা – এগৰাকী মহিলাৰ সপোন”ৰ দ্বিতীয় চিজন উপলক্ষে প্ৰতিষ্ঠাপিকা মালবিকা শইকীয়াই কয়, “আমি মন পখিলা-এগৰাকী মহিলাৰ সপোনৰ দ্বিতীয় চিজন ঘোষণা কৰি সুখী আৰু উৎসাহিত। যোৱা ঋতুত আমি ৩০ ৰো অধিক অংশগ্ৰহণকাৰী লাভ কৰিছিলো। আমি এই ঋতুতো যথেষ্ট ভাল সঁহাৰি আশা কৰি আছো আৰু সেয়েহে আমি আনুষ্ঠানিকভাৱে আমাৰ অনলাইন পঞ্জীয়ন মুকলি কৰিছো আৰু পঞ্জীয়নৰ তাৰিখ ঘোষণা কৰিছো যি অডিচনৰ দিনা অনুষ্ঠিত হ’ব।” প্ৰথম চিজন সফলতাৰে পৰিচালনা কৰাৰ পিছত, কিশ্মা ভেঞ্চাৰে ধ্বনি ৰেকৰ্ডৰ সৈতে যৌথভাৱে ইয়াৰ প্ৰথম বাণিজ্যিক সংগীত এলবাম মন পখিলা ভলিউম ১ মুকলি কৰে।
এলবামটোত ২০ মিনিটৰ ট্ৰেকৰ ৪ টা গীত আছে। সকলো গীতৰ লেখিকা আৰু গায়িকা বিবাহিত মহিলা আৰু তেওঁলোক সকলোৱে সকলো বাধা প্ৰাচীৰ ভাঙি প্ৰথমবাৰৰ বাবে এটা বাণিজ্যিক প্ৰকল্পত কাম কৰিছে। কিশ্মা ভেঞ্চাৰে বিশেষজ্ঞৰ দ্বাৰা তেওঁলোকৰ প্ৰতিভা আৰু ব্যক্তিত্ব ৰূপান্তৰ আৰু উন্নত কৰাৰ বাবে প্ৰশিক্ষণ প্ৰদান কৰে যি মহিলাসকলৰ আত্মবিশ্বাসৰ স্তৰ গঢ়ি তোলাত সহায় কৰে।
বৰ্তমান তেওঁলোকৰ কিছুসংখ্যকে তেওঁলোকৰ নিজস্ব উদ্যোগ প্ৰতিষ্ঠাপানৰ দিশত আগবাঢ়িছে আৰু আান কিছুসংখ্যকে শিল্পী হিচাপে স্বীকৃতি লাভ কৰিছে।
কিশ্মা ভেঞ্চাৰে ২০২১ চনৰ চূড়ান্ত প্ৰতিযোগিতাৰ নিৰ্ণায়ক খণ্ড গুৱাহাটীত মে’ মাহৰ দ্বিতীয় সপ্তাহৰ ভিতৰত আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে।