মমী দাসে দেখুৱাইছে মানৱতাৰ নিদৰ্শন

নগাঁও – মমী দাসে দেখুৱাইছে মানৱতাৰ নিদৰ্শন। এটি পৰিত্যক্ত পুথিভঁৰালত কেইটামান কুকুৰ সৈতে অকলসৰে দীৰ্ঘদিন ধৰি বাস কৰি অহা দৰিদ্ৰ মহিলা মমী দাসে দেখুৱাইছে মানৱতাৰ নিদৰ্শন। খুজি-মাগি পোৱা অধিকাংশ খাদ্য নিজে ভোকত থাকি হ’লেও মমী দাসে হাঁহি মুখেৰে খোৱাবলৈ ভাল পায় পদপথৰ কুকুৰক।

নিজে ভোকত থাকি হ’লেও মমী দাসে হাঁহি মুখেৰে খোৱাবলৈ ভাল পায় পদপথৰ কুকুৰক

নগাঁও জিলাৰ পুৰণিগুদামৰ গড়মুৰৰ এটি পৰিত্যক্ত পুথিভঁৰালত বসবাস কৰে মমী দাস নামৰ এগৰাকী দৰিদ্ৰ মহিলা। দীৰ্ঘদিনে ধৰি পুথিভঁৰালটোত অকলসৰে বসবাস কৰা মমী দাস নামৰ মহিলা গৰাকীয়ে দাঙি ধৰিছে মানৱতাৰ নিদৰ্শন। চকুৰে ভালকৈ মনিব নোৱৰা মমী দাসে বৃহত্তৰ অঞ্চলটোৰ বিভিন্ন জনৰ পৰা খুজি-মাগি এসাজ খাই আনসাজ নোখোৱাকৈ কোনোমতে অতিবাহিত কৰি আহিছে জীৱন।

নিজে ভোকত থাকি হ’লেও মমী দাসে হাঁহি মুখেৰে খোৱাবলৈ ভাল পায় পদপথৰ কুকুৰক

খোজনীয়া মমী মাগিবলৈ ঘৰৰ পৰা ওলাই যোৱাৰ পৰৰে পৰা পুনৰ ঘৰলৈ উভতি অহা পৰ্যন্ত প্ৰতিটো ক্ষণতে মমী দাসক সংগ দিয়ে অঞ্চলটোৰ ভিন্ন ঠাইৰ পদপথৰ সৰু-বৰ কুকুৰে। কাৰণ মমীয়ে সঁচা অন্তৰে ভাল পায় পদপথৰ অঘৰী কুকুৰবোৰক। খুজি-মাগি পোৱা অধিকাংশ খাদ্য নিজে ভোকত থাকি হ’লেও হাঁহি মুখেৰে মমী দাসে খাবলৈ দিয়ে অঞ্চলটোৰ পদপথৰ কুকুৰবোৰক।

নিজে ভোকত থাকি হ’লেও মমী দাসে হাঁহি মুখেৰে খোৱাবলৈ ভাল পায় পদপথৰ কুকুৰক

মমী দাসৰ হাতত সুহৃদয় সকলে গুজি দিয়া বিস্কুট-চিপছ্, ৰুটী-চিঙৰা সকলোবোৰ নিজে নিৰাহাৰে থাকি হ’লেও বিলাই যায় পদপথত মমীৰ অপেক্ষাত ৰৈ থকা কুকুৰবোৰৰ মাজত। লক্ষণীয়ভাবে সৰ্বসাধাৰণে তিলমানো গুৰুত্ব প্ৰদান নকৰা পদপথৰ কোনো এটা কুকুৰ অস্বাভাৱিক মৃত্যুত কান্দি উঠে মমী দাসে, উপবাসেও থাকে কেইবাদিনো। সৰ্ৱস্বান্ত হৈয়ো অবোধ জীৱৰ প্ৰতি খোজনীয়া মমী দাসে দেখুওৱা গভীৰ আত্মীয়তাৰ বাবে মমী দাস এতিয়া চিৰ পৰিচিত পুৰণিগুদামবাসীৰ মাজত।

নিজে ভোকত থাকি হ’লেও মমী দাসে হাঁহি মুখেৰে খোৱাবলৈ ভাল পায় পদপথৰ কুকুৰক

নিজৰ আত্মীয়ই বহু বছৰৰ পূৰ্বেই ত্যাগ কৰা নিঃসহায় মমী দাস ক্ৰমাৎ ৰোগীয়া হৈ পৰাত এতিয়া লাহে-লাহে হেৰুৱাব ধৰিছে চকুৰ দৃষ্টিশক্তি। পৰিণত বিভিন্ন আঘাতেৰে জৰ্জৰিত হোৱাৰ পিছতো নিজ শৰীৰতোৰ কথা তিলমানো ভ্ৰূক্ষেপ নকৰি কেৱল নিৰ্বোধ জীৱ কেইটিৰ বাবে দিনৰ দিনটো মাগি ফুৰা মমী দাসক উপযুক্ত চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰি দিবৰ বাবে ইচ্ছুক সদাশয় লোকক সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনাইছে পুৰণিগুদামৰ একাংশ ক্ষুদ্ৰ ব্যৱসায়ীয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply