গুৱাহাটী – বিজেপিক ক্ষমতাচ্যুত কৰাৰ বাবে বিৰোধী শক্তিসমূহক পুনৰবাৰ ঐক্যবদ্ধ হোৱাৰ বাবে আহ্বান জনাইছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই। বিজেপিক পৰাস্ত কৰাৰ বাবে আগন্তুক বিধানসভা নিৰ্বাচনত সকলো বিৰোধী শক্তিক ঐক্যবদ্ধ হোৱাৰ পোষকতা কৰি ৰিপুন বৰাই দাবী কৰিছে যে ৰাইজৰ সমৰ্থনত আগন্তুক নিৰ্বাচনত বিৰোধী দলৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিব।

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতিগৰাকীয়ে কয় যে বিজেপিৰ হাতত উন্নয়নৰ খতিয়ান নাই, সেয়েহে বিজেপিয়ে সম্প্ৰতি হিন্দু-মুছলমানৰ ৰাজনীতিত নামি পৰিছে। অসমত সাম্প্ৰদায়িক মেৰুকৰণ কৰাৰ বাবে তথা আন মৌলিক সমস্যা গাপ দিয়াৰ বাবে হিন্দু-মুছলমানৰ ৰাজনীতিত নামি পৰিছে বিজেপি।

ইফালে, বিৰোধী মহাজোঁট গঠন কৰি বিজেপিক ওফৰাবলৈ সাজু হৈছে কংগ্ৰেছ দল। ইতিমধ্যে এআইইউডিএফৰ সৈতে কতা বতৰা চলাৰ পিছত এইবাৰ বামপন্থী দলসমূহৰ সৈতেও আলোচনাত মিলিত হ’বলৈ আগবাঢ়িছে কংগ্ৰেছ দল। বিৰোধী মহাজোঁটত অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলকো অংশ ল’বলৈ আহ্বান জনায় প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply