গুৱাহাটী – মহানগৰবাসীৰ বাবে বেয়া খবৰ। মহানগৰবাসী আৱৰ্জনাৰ মাজত থাকিব লগীয়া পৰিস্থিতিৰ সম্ভবনা প্ৰকট হ’ব পাৰে। খোৱা পানীৰ যোগানো বন্ধ হ’ব পাৰে মহানগৰীৰ বাসিন্দাসকলৰ। চৰকাৰে অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ নকৰিলে অনিৰ্দিষ্ট কালৰ বাবে ধৰ্মঘট আৰম্ভ কৰিব গুৱাহাটী পৌৰ নিগমৰ কৰ্মচাৰী সকলে।

বিভিন্ন সমস্যাৰে জৰ্জৰিত গুৱাহাটী পৌৰ নিগমৰ কৰ্মচাৰী সকল। গুৱাহাটী মহানগৰীখন পৰিষ্কাৰ কৰি ৰখাৰ দায়িত্বত থকা গুৱাহাটী পৌৰ নিগমৰ কৰ্মচাৰীসকলৰ সমস্যা সমূহ সমাধানৰ ক্ষেত্ৰত গুৰুত্ব নাই বিভাগীয় কৰ্তৃপক্ষ তথা চৰকাৰৰ। গুৱাহাটী পৌৰ নিগমৰ অধ্যক্ষ তথা চৰকাৰৰ প্ৰতি ক্ষোভ উজাৰি প্ৰতিবাদত বহিল গুৱাহাটী পৌৰ নিগমৰ কৰ্মচাৰী সকল।

বুধবাৰৰ পৰা গুৱাহাটী পৌৰ নিগমৰ কৰ্মচাৰী সকল নামিছে প্ৰতিবাদত। দুদিন ধৰি দুঘণ্টা প্ৰতিবাদৰ অন্তত যদি সমস্যা সমূহৰ সমাধান নহয় তেন্তে সমস্যাত পৰিব মহানগৰবাসী। অহা ৫ জানুৱাৰীত গুৱাহাটী পৌৰ নিগমৰ কৰ্মচাৰী সকল আলোচনাত মিলিত হৈ সিদ্ধান্ত গ্ৰহণ কৰিব অনিৰ্দিষ্ট কালৰ বাবে ধৰ্মঘট আৰম্ভ কৰাৰ।

গুৱাহাটী পৌৰ নিগমৰ কৰ্মচাৰী সকলৰ চাৰিটাকৈ সংগঠনৰ যৌথ উদ্যাগত বুধবাৰৰ পৰা দুদিনীয়া প্ৰতিবাদ আৰম্ভ কৰি সংগঠন কেইটাৰ আহ্বায়াক চন্দন শৰ্মাই কয় “১৫ দিন পূৰ্বে আমি গুৱাহাটী পৌৰ নিগমৰ অধ্যক্ষ গৰাকীক আমাৰ সমস্যা সমূহ সমাধানৰ বাবে পত্ৰ প্ৰদান কৰিছিলোঁ কিন্তু আমাৰ সমস্যা সমূহৰ প্ৰতি তেওঁ কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰিলে। আমি দাবী জনাইছিলোঁ গুৱাহাটী পৌৰ নিগমৰ অস্থায়ী কৰ্মচাৰী সকলক নিযুক্তি প্ৰদান কৰা, যোগ্যতাৰ ভিত্তিত কৰ্মচাৰী সকলক পদোন্নতি প্ৰদান কৰা আৰু পেন্সনৰ ধন প্ৰদান কৰাৰ ব্যবস্থা গ্ৰহণ কৰা”।

চন্দন শৰ্মাই লগতে কয় যে গুৱাহাটী পৌৰ নিগমৰ বহু কৰ্মচাৰী বিগত ১৭ বছৰ ধৰি অস্থায়ী কর্মী হিচাপে কাম কৰি আছে কিন্তু আজি পৰ্যন্ত এই অস্থায়ী কৰ্মচাৰী সকলৰ চাকৰি নিয়মীয়াকাৰণ কৰাৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই। আমি এতিয়া ৰাজপথত নামিছে আৰু আমাৰ উভতি যোৱাৰ ৰাস্তা নাই বুলিও মন্তব্য প্ৰকাশ কৰে গুৱাহাটী পৌৰ নিগমৰ কৰ্মচাৰী সকলৰ চাৰিটাকৈ সংগঠনৰ আহ্বায়াক গৰাকীয়ে।

ইফালে গুৱাহাটী পৌৰ নিগমৰ কৰ্মচাৰী সকলৰ চাৰিটাকৈ সংগঠনৰ আহ্বায়াক চন্দন শৰ্মাই অহা ৫ জানুৱাৰীৰ ভিতৰত চৰকাৰে তেওঁলোকৰ দাবী সমূহৰ প্ৰতি যদি সঁহাৰি নজনাই তেন্তে অনিৰ্দিষ্ট কাল পৰ্যন্ত ধৰ্মঘট আৰম্ভ হ’ব বুলি হুংকাৰ দিয়ে। গুৱাহাটী পৌৰ নিগমৰ এই কৰ্মচাৰী সকল যদি ধৰ্মঘটলৈ যায় তেন্তে গুৱাহাটী মহানগৰীবাসী কেনে ধৰণৰ সমস্যাৰ সন্মুখীন হ’ব এইয়া ধৰ্মঘট আৰম্ভৰ পিছতে অনুভৱ কৰিব পৰা যাব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply