গুৱাহাটী – কালি নিশা কামৰূপ মহানগৰ জিলাৰ উপ আবকাৰী অধীক্ষক অনন্ত কলিতাৰ নেতৃত্বত গুৱাহাটী সদৰ আবকাৰী চক্ৰই বশিষ্ঠ অঞ্চলত অবৈধ সুৰাৰ বিৰুদ্ধে এক অভিযান চলায়।

অভিযানত বুজন পৰিমাণৰ চুলাই মদ জব্দ কৰাৰ লগতে এগৰাকী মহিলা সহ দুজন সুৰা বিক্রেতাক আটক কৰিবলৈ সক্ষম হয় ।

লগতে উক্ত অভিযানত ৰাজহুৱা স্থানত সুৰাপান কৰা অৱস্থাত ৬ জন লোকক আটক কৰা হয়। সুৰা বিক্রেতা দুজনৰ বিৰুদ্ধে অসম আবকাৰী এই ৫১ (১) ক ৰ অধীনত গোচৰ ৰজু কৰি আদালতত হাজিৰ কৰোৱাৰ পিছতে জেললৈ প্ৰেৰণ কৰা হয়।

আনহাতে উক্ত সুৰাপায়ীসকলৰ বিৰুদ্ধে আবকাৰী আইন ৬১ (ক) ৰ অধীনত ৰাজহুৱা স্থানত সুৰাপান কৰাৰ অপৰাধত জৰিমনা বিহা হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply