গুৱাহাটী – মহানগৰীত অব্যাহত আছে নাহৰফুটুকী বাঘ পিঞ্জৰাবদ্ধ কৰাৰ অভিযান। বন বিভাগে অব্যাহত ৰাখিছে আহোমগাঁৱত নাহৰফুটুকী বাঘ পিঞ্জৰাবদ্ধ কৰাৰ অভিযান। বুধবাৰে নিশাৰ ভাগত বন বিভাগৰ লোকসহ মুঠ চাৰিজন লোক আহত হৈছিল নাহৰফুটুকী বাঘটোৰ আক্ৰমণত।
মহানগৰীত পুনৰ বাঘৰ মুক্ত বিচৰণ৷ এইবাৰ আহোমগাঁওস্থিত ৰয়েল গ্লেবেল স্কুল আৰু দিল্লী পাব্লিক স্কুলৰ চৌহদত বাঘৰ মুক্ত বিচৰণ। বিগত দুদিন ধৰি অঞ্চলটোত এটা নাহৰফুটুকী বাঘে মুক্ত বিচৰণ কৰি চলাই আহিছে সন্ত্ৰাস। উল্লেখ্য যে, বুধবাৰে নিশাৰ ভাগত ৰয়েল গ্লেবেল স্কুলৰ চৌহদত এটা নাহৰফুটুকী বাঘ প্ৰৱেশ কৰাৰ খবৰ লাভ কৰি বন বিভাগৰ লোক উপস্থিত হৈছিল ৰয়েল গ্লেবেল স্কুলত।
বন বিভাগে বহু সময় ধৰি অভিযান চলাই ৰয়েল গ্লেবেল স্কুলৰ চি চি টিভি কেমেৰাৰ ফুটেজত এটা নাহৰফুটুকী বাঘ স্কুলখনত প্ৰৱেশ কৰা প্ৰত্যক্ষ কৰে। ইয়াৰ কিছুসময় পিছতে নাহৰফুটুকী বাঘটো ৰয়েল গ্লেবেল স্কুলৰ পৰা ওলাই স্কুলখনৰ এজন সুৰক্ষা কর্মীক আক্ৰমণ কৰি দিল্লী পাব্লিক স্কুলৰ সন্মুখত থকা নলা এটাত আশ্ৰয় গ্ৰহণ কৰে।
বন বিভাগৰ লোকে নাহৰফুটুকী বাঘটোক ট্ৰেংকোলাইজ কৰিবলৈ চেষ্টা চলাওঁতে বাঘটো নলাৰ পৰা ওলাই আহি বন বিভাগৰ তিনি জনকৈ লোকক আক্ৰমণ কৰে। নাহৰফুটুকী বাঘটোৰ আক্ৰমণত এজন বনৰক্ষী বিষয়া আৰু আন দুজন বন কৰ্মী আহত হয়। আহত লোক কেইজন হৈছে ক্ৰমে প্ৰৱীন হালৈ, অবেদ আলী আৰু হৰি ছিল।
আহত লোক কেইজনক আয়ুৰচন্দ্ৰা হস্পিতালত চিকিৎসাৰ বাবে ভর্তি কৰোৱা হয়। ইফালে বন বিভাগে নাহৰফুটুকী বাঘটোক পিঞ্জৰাবদ্ধ কৰাৰ বাবে অভিযান অব্যাহত ৰাখিছে। বৃহস্পতিবাৰে বন বিভাগে নাহৰফুটুকী বাঘটোক পিঞ্জৰাবদ্ধ কৰাৰ বাবে অঞ্চলটোত পিঞ্জৰা সংস্থাপন কৰিব বুলি জানিবলৈ দিয়ে গৰচুকৰ বন বিষয়া অৰূপ কলিতাই।