গুৱাহাটী – মহানগৰীত বনৰীয়া হাতী আৰু মানুহৰ সংঘাত। বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই লণ্ডভণ্ড কৰিলে কেইবাটাও বাসগৃহ। উজাগৰী নিশা কটাবলৈ বাধ্য ৰাইজ। মহানগৰীৰ নাৰেংগীৰ বিৰকুচিত সংঘটিত হৈছে হাতী মানুহৰ সংঘাত।
ৰাজ্যৰ বিভিন্ন প্ৰান্তত খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই আহি জনাঞ্চলত প্ৰৱেশ কৰি বনৰীয়া হাতীয়ে সন্ত্ৰাস চলাই থকাৰ মাজতে এইবাৰ মহানগৰীত সংঘটিত হৈছে অনুৰূপ ঘটনা। মহানগৰীৰ নাৰেংগীৰ বিৰকুচিত বনৰীয়া হাতী জনাঞ্চলত প্ৰৱেশ কৰি উপদ্ৰৱ চলাই লণ্ডভণ্ড কৰিলে কেইবাটাও বাসগৃহ। সোমবাৰে নিশা বিৰকুচিৰ কুণ্ডিল নগৰত এটা বনৰীয়া হাতীয়ে সন্ত্ৰাস চলায়।
স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে আমচাং অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা এটা বনৰীয়া হাতীয়ে পুৱতি নিশা অঞ্চলটোত প্ৰৱেশ কৰি উপদ্ৰৱ চলায়। বনৰীয়া হাতীটোৱে অঞ্চলটোৰ কেইটাও বাসগৃহত প্ৰৱেশ কৰি খাদ্য বস্তু বিনষ্ট কৰাৰ লগতে বাসগৃহ ভাঙি লণ্ডভণ্ড কৰে। ৰাইজে অভিযোগ কৰা মতে অঞ্চলটোত বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই থকাৰ খবৰ স্থানীয় ৰাইজে বন বিভাগৰ লোকক বাৰম্বাৰ অৱগত কৰাৰ পিছতো বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত নোহোৱাত ৰাইজে নিজেই হাতীটোক আমচাং অভয়াৰণ্যলৈ খেদি পঠিয়াই।
ৰাজ্যত বিয়াগোম বন বিভাগ এটা থকাৰ পিছতো ৰাইজৰ বিপদৰ সময়ত বন বিভাগৰ লোকে সহায় নকৰাত ক্ষোভিত হৈ পৰিছে অঞ্চলবাসী। ইফালে বনৰীয়া হাতীৰ ভয়ত উজাগৰী নিশা কটাবলৈ বাধ্য হয় অঞ্চলবাসী। উল্লেখ্য যে নাৰেংগীৰ বিভিন্ন অঞ্চলত প্ৰায়ে বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত দেখিবলৈ পোৱা যায়। আমচাং অভয়াৰণ্যৰ পৰা প্ৰায়ে বনৰীয়া হাতী জনাঞ্চলত প্ৰৱেশ কৰি উপদ্ৰৱ চলাই মানুহৰ ঘৰ ভাঙি লণ্ডভণ্ড কৰে।