নিউজ ডেস্ক- মহানগৰীত সম্পূৰ্ণ ৰূপে বন্ধ হ’ব হুক্কা বাৰ সমূহ। এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে এক নিৰ্দেশ জাৰি কৰিছে। জি এম চিৰ আয়ুক্তই যোৱা ১৮ ডিচেম্বৰত জাননীখন জাৰি কৰিছে। জাননীখনত গুৱাহাটী পৌৰ নিগমৰ অধীনত চলি থকা হুক্কা বাৰ সমূহ বন্ধ কৰাৰ নিৰ্দেশ জাৰি কৰা হৈছে।

জাননী খনত কোৱা হৈছে যে হুক্কা বাৰ সমূহৰ ট্রেড লাইচেন্সৰ নৱীকৰণ অথবা নতুন অনুজ্ঞাপত্ৰৰ বাবে আবেদন কৰাৰো অনুমতি প্ৰদান কৰা নহ’ব। এই হুক্কা বাৰ সমূহলৈ জাননী প্ৰেৰণ কৰা সাত দিনৰ ভিতৰত বাৰ সমূহ বন্ধ কৰি দিয়া হব বুলি আয়ুক্ত ই জাননীখনত জনাইছে।