গুৱাহাটী- ড্ৰাগছৰ কবলত গুৱাহাটী মহানগৰী | দিনকদিনে বৃদ্ধি পাইছে ড্ৰাগছ আসক্তৰ লগতে সৰবৰাহকাৰী সংখ্যা | উলুবাৰীৰ পৰা মহানগৰ আৰক্ষী অপৰাধ অনুসন্ধান শাখাই অভিযান চলাই প্রায় ৩০ লাখ টকাৰ নিচাজাতীয় টেবলেটসহ এজন ড্ৰাগছ সৰবৰাহকাৰী যুৱকক গ্রেপ্তাৰ কৰে৷ ধৃত ড্ৰাগছ সৰবৰাহকাৰীটো ধুবুৰীৰ মজিবুৰ ৰহমান মণ্ডল (৩৬)৷
আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰীটোৰ পৰা ৩০ হাজাৰ মেথাম ফেটামিন টেবলেট জব্দ কৰিছে ৷ আৰক্ষী সূত্রই জনোৱা মতে, ধৃত ড্ৰাগছ সৰবৰাহকাৰীটোৱে ড্ৰাগছ খিনি ম্যানমাৰৰ পৰা আনি মজুত কৰি ৰাখিছিল৷
বিক্রী কৰিবৰ বাবে আনোতে চি আই ডিৰ দলটোৱে গোপন সূত্রৰ পমখেদি উলুবাৰীৰ হাজী মুছাফিৰ খানাৰ সন্মুখৰ পৰা হাতে–লোটে ড্ৰাগছ খিনি জব্দ কৰিবলৈ সক্ষম হয়৷ ঘটনা সন্দর্ভত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে৷ উল্লেখ্য যে ধৃত যুৱকজনে হেদায়েৎপুৰৰ ভাৰাঘৰত আশ্রয় লৈ ড্ৰাগছৰ বেহা চলাই আছিল৷