গুৱাহাটী – মহানগৰীৰ জালুকবাৰীত সংঘটিত হৈছে এক ভয়াবহ অগ্নিকাণ্ড। অগ্নিকাণ্ডত জাহ গ’ল ৫০ টাকৈ বাসগৃহ। ছিলিণ্ডাৰ বিস্ফোৰণৰ ফলত সংঘটিত হয় এই ভয়াবহ অগ্নিকাণ্ড।
শনিবাৰে পুৱাৰ ভাগত মহানগৰীৰ জালুকবাৰীত সংঘটিত হয় এক ভয়াবহ অগ্নিকাণ্ড। ছিলিণ্ডাৰ বিস্ফোৰণৰ ফলত সূত্ৰপাত হোৱা এই অগ্নিকাণ্ডত ৫০ টাকৈ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত হয়। অগ্নিকাণ্ডত বহু পৰিমাণৰ মূল্যবান সামগ্ৰী জুইত জাহ যায় বুলি জানিব পৰা গৈছে।
অগ্নিকাণ্ডৰ খবৰ পাই অগ্নি নিৰ্বাপক বাহিনীৰ কেইবাখনো গাড়ী ঘটনাস্থলীত উপস্থিত হয়। অগ্নি নিৰ্বাপক বাহিনীৰ দলে বহু চেষ্টাৰ অন্তত জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় যদিও বহু লোক এই অগ্নিকাণ্ডত গৃহহীন হৈ পৰিছে।