ফেকাল্টি হায়াৰ চেকেণ্ডেৰী স্কুলৰ স্বতাধিকাৰী বন্তি ভূঞাৰ মৃত্যু

গুৱাহাটী- অসমৰ শৈক্ষিক জগতত শোকৰ ছাঁ পেলাই দেওবাৰে ফেকাল্টি হায়াৰ চেকেণ্ডেৰী স্কুলৰ অন্যতম স্বতাধিকাৰী বন্তি ভূঞাৰ পৰলোকপ্ৰাপ্তি ঘটে। পুৱা ৪বাজি ৩০ মিনিটত শেষ নিশ্বাস ত্যাগ কৰে ভূঞাই। যোৱা কিছু দিন ধৰি বন্তি ভূঞা অসুস্থ অৱস্থাত আছিল। অৱশেষত গুৱাহাটীৰ আয়ুৰসুন্দা হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে ভূঞাই ।

উল্লেখ্য় যে নাগৰিকত্ব সংশোধনী বিধেয়ক লৈ উচ্চতম ন্যায়ালয়ৰ মজিয়া গৰকা এ পি ডব্লিউক আৰ্থিক দিশত গোচৰটো আগুৱাই নিবলৈ যি দুগৰাকী ব্যক্তিয়ে সহয় কৰিছিল তাৰ অন্যতম আছিল বন্তি ভূঞা।

বন্তি ভূঞা অসমৰ শৈক্ষিক জগতলৈ বিশিষ্ট বৰঙণি আগবঢ়োৱা ড’ সূৰ্য কুমাৰ ভূঞাৰ নাতিনীয়েক।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply