গুৱাহাটী – মহানগৰীৰ বশিষ্ঠত সংঘটিত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ড। বশিষ্ঠৰ পাটৰকুছিটত সংঘটিত হোৱা ভয়ংকৰ অগ্নিকাণ্ডত ভস্মীভূত হৈছে কেইবাটাও বাসগৃহ। চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত অগ্নিকাণ্ড সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।
বৃহস্পতিবাৰে দুপৰীয়াৰ ভাগত গুৱাহাটীৰ বশিষ্ঠৰ পাটৰকুছিত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড। চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত সংঘটিত হোৱা অগ্নিকাণ্ডত কেইবাটাও বাসগৃহৰ লগতে এখন কাৰখানা সম্পূৰ্ণ ভস্মীভূত হয়।
৩ টাকৈ চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। অগ্নিকাণ্ডৰ খবৰ পাই ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ দল উপস্থিত হৈ বহু সময় ধৰি অগ্নি নিৰ্বাপনৰ চেষ্টা চলাই জুই নুমোৱাবলৈ সক্ষম হয়।
অগ্নি নিৰ্বাপন বাহিনীৰ দলে অগ্নি নিৰ্বাপন কৰাৰ পূৰ্বেই কেইবাটাও বাসগৃহ আৰু এখন ফাৰ্নিচাৰৰ কাৰখানা জুইত জাহ যায়। অগ্নিকাণ্ডত কথমপি প্ৰাণ ৰক্ষা পৰে বৃহত্তৰ পাটৰকুচি অঞ্চলটোৰ, কিয়নো উচ্চ বৈদ্যুতিক সম্পন্ন লাইন আছিল অগ্নিকাণ্ড সংঘটিত হোৱা বাসগৃহ কেইটাৰ ওপৰত।