গুৱাহাটী: নিশা মহানগৰীৰ বেলতলা জামে মছজিদত চাঞ্চল্যকৰ ঘটনা। মছজিদত প্ৰবেশ সন্দেহজনক ১৫ জনীয়া এটা যুৱকৰ দল। ভুল নিয়ম নীতিৰে নামাজ পঢ়ি থকা দেখি সন্দেহ উপজিছিল মছজিদ কৰ্তৃপক্ষৰ।

পিছত সোধপোচ তথা পৰিচয় বিচৰাত পলায়নৰ চেষ্টা যুৱকৰ দলটো ৷ যুৱকৰ দলটোৱে অন্য ঘটনা সংঘটিত কৰিবলৈ মছজিদত প্ৰবেশ কৰাৰ সন্দেহ। ইতিমধ্যেই মছজিদ কমিটিয়ে ৯ জনক কৰায়ত্ব কৰি বশিষ্ঠ আৰক্ষীক গতাই দিছে। আনকেইজন মছজিদৰ পৰা পলায়ন কৰে। বশিষ্ঠ আৰক্ষী থানাত মছজিদ কমিটিয়ে দাখিল কৰিছিল এজাহাৰ।

উল্লেখ্য যে, নিশাই আটক কৰা যুৱককেইজনক ইতিমধ্যে জামিন প্ৰদান কৰিছে আৰক্ষীয়ে। এই খবৰ পোৱাৰ লগে লগে বেলতলাৰ জামে মছজিদত পুনৰ সমবেত হৈছে স্থানীয় ৰাইজ। ৰাইজে অভিযোগ কৰিছে যে, ১৫ জনীয়া দলটোৱে কি উদ্দেশ্যে মছজিদত প্ৰৱেশ কৰিছিল এই বিষয়ত আৰক্ষীয়ে উচিত তদন্ত নকৰাকৈয়ে মুক্তি দিলে তেওঁলোককক।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply