শিল্পী সম্বৰ্ধনা অনুষ্ঠান Credit: ইষ্ট ম'জ'

গুৱাহাটী- অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ উদ্যোগত মহানগৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত শিল্পী সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয়। ভ্ৰাম্যমানৰ শিল্পী, কলা-কুশলী আৰু লোক-সংস্কৃতিৰ শিল্পীলৈ ‘শিল্পী সম্বৰ্ধনা আঁচনি’ৰ অধীনত বিত্তীয় অনুদান প্ৰদান কৰে ৰাজ্য চৰকাৰে।

অনুষ্ঠানত ১১৮৬ শিল্পীলৈ ৫০ হাজাৰ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰা হয়। আনহাতে ৯৭৪ গৰাকী ভ্ৰাম্যমাণ শিল্পী আৰু কলা কুশলীলৈ ৰাজ্য চৰকাৰে প্ৰদান কৰে ৫০ হাজাৰ কৈ টকা। অনুষ্ঠানত লোক-সংস্কৃতিৰ শিল্পী সাহায্য আঁচনি মুকলি কৰা হয়। আৰু এই আঁচনিৰ জৰিয়তে প্ৰথম পৰ্যায়ত ১৬,৫৭৪ গৰাকী শিল্পীয়ে ৬,০০০ টকাকৈ আৰ্থিক সাহায্য লাভ কৰিব।

লগতে অনুষ্ঠানত চাৰু-কাৰু কলা মহাবিদ্যালয় অসম আৰু কোকৰাঝাৰ সংগীত আৰু চাৰু কলা মহাবিদ্যালয়ৰ নৱ-নিযুক্ত প্ৰৱক্তাক আনুষ্ঠানিক নিযুক্তি পত্ৰ বিতৰণ কৰা হয়। আদক্ষ লাৰ্জী ব্ৰহ্মই গ্ৰহণ কৰে এই নিযুক্তি পত্ৰ। অনুষ্ঠানত কোকৰাঝাৰ সংগীত আৰু চাৰু কলা মহাবিদ্যালয়ক ”শুভা ব্ৰহ্ম সংগীত আৰু চাৰু কলা মহাবিদ্যালয়” নামেৰে নামকৰণ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply