নগাঁও – নগাঁৱত চোৰৰ নৃশংসতা। চুৰিকাৰ্য সংঘটিত কৰি থাকোতে গৃহস্থ সাৰ পোৱাৰ বাবেই মহিলাৰ বুকুত চোৰে বহুৱালে চিপৰাং। চোৰক আটক কৰি ৰাইজৰ উত্তম-মধ্যম।
নগাঁও চহৰত এতিয়া চোৰৰ সন্ত্ৰাসৰ লগতে বৃদ্ধি পাইছে চোৰৰ নৃশংসতাও। চোৰ কৰিবলৈ আহোঁতে গৃহস্থ সাৰ পোৱাৰ বাবেই মহিলাৰ বুকুত চোৰে চিপৰাং বহুৱাই ভাবুকি প্ৰদান কৰে। এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে নগাঁও চহৰৰ এলফিনষ্টন চাৰিআলিত।
এলফিনষ্টন চাৰিআলিৰ ৰফিকুল ইছলাম নামৰ ব্যৱসায়ী এজনৰ ঘৰত শুকুৰবাৰে পুৱতি নিশা এটা দুৰ্বৃত্তই চুৰিকাৰ্য সংঘটিত কৰিবলৈ দুৱাৰ ভঙাৰ চেষ্টা চলাই থাকোতেই গৃহস্থ সাৰ পায়। ইয়াৰ পিছত ৰফিকুল ইছলামৰ পত্নী আখতাৰা বেগম বাহিৰত কি হৈছে বুলি চাবলৈ যোৱাত চোৰে আখতাৰা বেগমৰ বুকুত চিপৰাং বহুৱাই আক্ৰমণ কৰে।
পিছতে আখতাৰা বেগমৰ স্বামী ৰফিকুল ইছলামে কৰায়ত্ত কৰে চোৰটোক। ধৃত চোৰটোক শিয়ালমাৰীৰ ইব্ৰাহিম আলী বুলি জানিব পৰা গৈছে। স্থানীয় ৰাইজে চোৰটোক উত্তম-মধ্যম শোধাই আৰক্ষীৰ হাতত গতাই দিয়ে।
চোৰটোৰ আক্ৰমণত আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন হ’বলগীয়া হৈছে ২৫ বছৰীয়া মহিলা আখতাৰা বেগম। নগাঁও চহৰৰ এই ঘটনাই এতিয়া আতংকিত কৰি তুলিছে নগঞা ৰাইজক।