হোজাই – মহিলাৰ ৰহস্যজনক মৃত্যক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য। হোজাইৰ চৌধুৰীবজাৰৰ চাৰিংপথাৰত এগৰাকী মহিলাৰ ৰহস্যজনক মৃত্যু৷ চিপ লোৱা অৱস্থাত স্বামীগৃহত উদ্ধাৰ হয় চকিলা বেগম নামৰ মহিলা এগৰাকীৰ মৃতদেহ।

হোজাই জিলাৰ চৌধুৰীবজাৰৰ চাৰিংপথাৰত এগৰাকী মহিলাৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। চকিলা বেগম নামৰ এগৰাকী মহিলাৰ মৃতদেহ চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হৈছে স্বামী গৃহত।

চকিলা বেগম চাৰিংপথাৰৰ হুছেইন আহমদ নামৰ এজন লোকৰ পত্নী৷ মহিলা গৰাকীয়ে স্বামী আৰু স্বামী পৰিয়ালৰ লোকৰ নিৰ্যাতনত অতীষ্ট হৈ আত্মহত্যা কৰিছে বুলি অভিযোগ উত্থাপন হৈছে। মৃত মহিলাগৰাকীৰ পিতৃগৃহৰ লোকে এয়া হত্যাকাণ্ড বুলি অভিযোগ উত্থাপন কৰিছে৷

ঘটনাস্থলীত চৌধুৰীবজাৰ আৰক্ষী পহৰা চকীৰ আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে৷ আৰক্ষীৰ তদন্তৰ পিছতে উন্মোচিত হ’ব এয়া হত্যা নে আত্মহত্যা৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,044 other subscribers

Leave a comment

Leave a Reply