গুৱাহাটী:– মহিলা-জ্যেষ্ঠ নাগৰিকৰ নিৰাপদ ভ্ৰমণৰ বাবে ৰাজ্যত প্ৰথমবাৰৰ বাবে মুকলি হ’ল বিনামূলীয়া বাছ সেৱা। “ভ্ৰমণ সাৰথি” আঁচনিৰ অধীনত মুকলি কৰা এই বাছ সেৱাৰ চালক-পৰিচালকৰ দায়িত্বত থাকিব মহিলা।
মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে আনুষ্ঠানিকভাৱে এই সেৱা শুভাৰম্ভ কৰে৷ উল্লেখ্য যে এই সেৱাৰ অধীনত ২৫খন বাছ অন্তর্ভুক্ত কৰা হৈছে৷
ক’ভিড–১৯ অতিমাৰীৰ সময়ত ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ লগতে পৰিবহণ বিভাগে জনসেৱাৰ বাবে গ্রহণ কৰা ভূমিকাৰ শলাগ লৈ এই অভূতপূর্ব সেৱাৰ বাবে মুখ্যমন্ত্রীয়ে পৰিবহণ মন্ত্রী চন্দ্রমোহন পাটোৱাৰীৰ লগতে ৰাজ্যিক পৰিবহণ নিগমৰ বিষয়–ববীয়া, চালক–হেণ্ডিমেনকে ধৰি সকলো বিষয়া–কর্মচাৰীৰ ধন্যবাদ জনায়৷

গুলপীয়া ৰঙৰ এই বাছসমূহ ৫টা ব্যস্ততম পথত চলাচল কৰিব৷ বাছকেইখন খানাপাৰাৰ পৰা পল্টন বজাৰ হৈ জালুকবাৰীলৈ, ফৰেষ্ট গেটৰ পৰা চান্দমাৰি হৈ জালুকবাৰীলৈ, বশিষ্ঠ মন্দিৰৰ পৰা পল্টনবজাৰ হৈ জালুকবাৰীলৈ, খানাপাৰাৰ পৰা ৰাষ্ট্রীয় ঘাইপথ তথা আইএছবিটি হৈ জালুকবাৰীলৈ আৰু গেমছ ভিলেজ (ভেটাপাৰা)ৰ পৰা পল্টনবজাৰ হৈ জালুকবাৰীলৈ চলাচল কৰিব৷