গুৱাহাটী – বুধবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ভাৰতীয় জনতা পার্টিৰ অসম প্ৰদেশৰ মহিলা মৰ্চাৰ দ্বিতীয় ৰাজ্যিক কার্যনির্বাহক সভাত মহিলা কার্যকর্তাসকলক সম্বােধি মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালে কয় যে ভাৰতীয় জনতা পার্টিক শক্তিশালী কৰাৰ ক্ষেত্ৰত মহিলা শক্তিয়ে গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰি আহিছে। মুখ্যমন্ত্রী সােণােৱাল কয় যে যি কোনাে কাম সমাজত সুস্থিৰভাৱে সম্ভৱ কৰি তুলিবলৈ হ’লে মহিলাসকলে অগ্রণী ভূমিকা গ্ৰহণ কৰিব লাগিব।
অসমত বিজেপি চৰকাৰ গঠন প্রক্রিয়াত মহিলা কার্যকর্তাসকলৰ উল্লেখযােগ্য ভূমিকা আছে। আগন্তুক নির্বাচনত মহিলা কর্মকর্তাসকলে চৰকাৰ পুনৰ গঠন কৰাৰ বাবে মুখ্য ভূমিকা গ্ৰহণ কৰিব লাগিব বুলিও কয় মুখ্যমন্ত্ৰীয়ে। তেওঁ কয় যে পুৰুষ-মহিলা উভয়ে ৰাষ্ট্র নির্মাণত সমর্পিত মনােভাবেৰে কাম কৰি আহিছে। পাঁচ হাজাৰ বছৰীয়া সিন্ধুসভ্যতা, সংস্কৃতিৰ পৰম্পৰা আৰু মূল্যবােধ আছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এই মূল্যবােধে আমাক শিক্ষা প্রদান কৰি আহিছে। অসমক আত্মনিৰ্ভৰ ৰাজ্য হিচাপে গঢ়ি তুলিবলৈ হ’লে মহিলাসকলে বিশেষ ভূমিকা গ্ৰহণ কৰিব লাগিব বুলিও তেওঁ কয়।
মুখ্যমন্ত্ৰীয়ে কয় যে অসমত এনে এখন চৰকাৰ লাগে যিয়ে সমন্বয় আৰু বিকাশ, ভাষা-সংস্কৃতিৰ সুৰক্ষাৰ বাবে কাম কৰিব পাৰে। বিজেপিয়ে সেই কাম কৰি দেখুৱাইছে। দেশত অশুভ শক্তিক বিনাশ কৰাৰ ক্ষেত্ৰত মহিলাই গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰি আহিছে। বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰে যি প্রতিশ্রুতি দি শাসন ক্ষমতালৈ আহিছিল সেই প্রতিশ্রুতি ৰূপায়ণত সফল হৈছে।
প্রধানমন্ত্রী নৰেন্দ্র মােদীয়ে ছয় বছৰীয়া শাসন কালত অসাধ্য সাধন কৰিছে বুলি উল্লেখ কৰি কয় যে ইয়াৰ ফলত ৰাষ্ট্ৰৰ পৰিৱর্তন সম্ভৱ হৈ উঠিছে। প্রধানমন্ত্রীয়ে সমগ্ৰ ৰাষ্ট্ৰৰে সম উন্নয়ন আৰু সকলােকে সম মর্যাদা দি কাম কৰি আহিছে। ডিজিটেল ব্যৱস্থাৰে প্রতি গৰাকী হিতাধিকাৰীলৈ ধন প্রদান, মহিলা সৱলীকৰণ, বৃদ্ধ বৃদ্ধা, বিধৱা, দিব্যাংগ, যুৱক-যুবতী, খেতিয়ক, শ্রমিক ইত্যাদি সকলােৱে উপকৃত হ’ব পৰাকৈ কাম কৰি আহিছে।
বিজেপিৰ ৰাষ্ট্ৰীয় মৰ্চাৰ সভানেত্রীয়ে সকলােকে উৎসাহিত কৰিবলৈ আহিছে বুলি উল্লেখ কৰি তেওঁ কয় যে প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীয়ে ‘বেটী বচাও বেটী পঢ়াও ‘ কাৰ্যসূচীৰ জৰিয়তে মহিলা সৱলীকৰণৰ যাত্ৰা আৰম্ভ কৰিছিল। প্রধানমন্ত্রী পদক্ষেপৰ ফলত আজি মহিলাসকলৰ পৰিবর্তন সাধন হৈছে আৰু বিভিন্ন ক্ষেত্ৰত উল্লেখযােগ্য সফলতা কঢ়িয়াই আনিবলৈ সক্ষম হৈছে বুলিও তেওঁ কয়। প্ৰতিগৰাকী ব্যক্তিয়ে মাতৃৰ পৰা মানবতাবােধ, প্রমূলবােধৰ আদর্শ শিকিব পাৰে বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।