ডিজিটেল ডেস্ক – তেওঁ দৰিদ্ৰ পৰিয়ালৰ সন্তান। চাৰি চকীয়া গাড়ী নাই। সেয়ে ম’হৰ পিঠিতে উঠি মনোনয়ন দাখিল কৰিবলৈ আহিল। তেওঁ বিহাৰ বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থী নাছাৰি মণ্ডল। দাৰভাঙা জিলাৰ বাহাদুৰপুৰ বিধানসভা কেন্দ্ৰৰ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰথমটো পদক্ষেপতেই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে মণ্ডলে।
মনোনয়ন দাখিল কৰিয়েই মণ্ডলে কয়, ‘মই দুখীয়া ঘৰৰ ল’ৰা। দেউতা খেতিয়াক, কেতিয়াবা শ্ৰমিক হিচাপেও কাম কৰে। আমাৰ ঘৰত গাড়ী নাই। সেয়ে ম’হৰ পিঠিতে উঠি অহাৰ সিদ্ধান্ত ললো। গৰু, ম’হ, ষাঁড় এইবোৰ কৃষকৰ সম্পদ।’ নাচাৰিয়ে লগতে কয়, যদি মই জিকি আহো তেন্তে মোৰ অঞ্চলৰ দৰিদ্ৰ জনতাৰ বাবে বিশেষভাৱে কাম কৰিম। কৃষকসকলক সহায় কৰিম।
নিজৰ জয়ক লৈও যথেষ্ট আশাবাদী নাচাৰি। তেওঁৰ মতে, পূৰ্বৰ বিধায়কে একোৱাই নকৰিলে। ইয়াকে লৈ জনগণ বেছ ক্ষুব্ধ। উল্লেখ্য যে বিহাৰত ২৮ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ভোটগ্ৰহণ প্ৰক্ৰিয়া। ফলাফল প্ৰকাশ পাব ১০ নৱেম্বৰত।
#WATCH | Bihar: Nachari Mandal, an independent candidate from Bahadurpur constituency in Darbhanga, arrives to file his nomination on a buffalo. pic.twitter.com/9e7lygTqPr
— ANI (@ANI) October 19, 2020