টেংকাৰৰ জৰিয়তে বহিঃৰাজ্য়লৈ খাৰুৱা তেলৰ সৰবৰাহ

তিনিচুকীয়া– তিনিচুকীয়াত চলিছে খাৰুৱা তেলৰ ৰমৰমীয়া বেহা। একাংশ প্ৰভাৱশালী চক্ৰই তিনিচুকীয়া জিলা প্ৰশাসনৰ দুৰ্বলতাৰ সুযোগ লৈ চলাই গৈছে এই অবৈধ ব্যৱসায় ৷ বিশেষকৈ জিলাখনৰ মাকুমত খাৰুৱা তেল পৰিবাহী পাইপ লাইনত টেপিং পইন্ট স্থাপন কৰি চোৰাংভাৱে সংগ্ৰহ কৰে খাৰুৱা তেল।

যোৱা ছেপ্তেম্বৰ মাহৰ পৰা নৱেম্বৰ মাহলৈকে তিনিচুকীয়া জিলাৰ বিভিন্ন ক্ষেত্ৰত উদ্ধাৰ হৈছে ৮টাকৈ টেপিং পইন্ট। ৰহস্য়জনক ভাৱে চোৰাং তেল চুৰিৰ এটা চক্ৰই অইল ইণ্ডিয়া লিমিটেডৰ চকুত ধুলি দি চলাই গৈছে তেল চুৰিৰ ব্য়ৱসায়।

YouTube video

এই তেলচুৰি চক্ৰটোৱে টেংকাৰৰ সহায়ত ৰাজ্যৰ বাহিৰলৈ যোগান ধৰে এই চোৰাং তেল। তথ্য অনুহৰি চক্ৰটোৱে পশ্চিমবংগৰ নিউ জলপাইগুৰি,শিলিগুৰি আদি অঞ্চললৈ বৃহৎ ধনৰ বিনিময়ত চোৰাং খাৰুৱা তেল সৰবৰাহ কৰে ৷ প্ৰতিখন চোৰাং তেলভৰ্তি টেংকাৰৰ বিনিময়ত চক্ৰটোৱে লাভ কৰে পাঁচৰ পৰা সাত লাখকৈ টকা।

উল্লেখ্য় যে যোৱা ৬ ডিচেম্বৰত নিশা অইল ইণ্ডিয়াৰ নিৰাপত্তা বিভাগৰ এটা দলে অভিযান চলাই তিনিচুকীয়াৰ ভীমপাৰা অঞ্চলৰ পৰা AS 23. AC 4377 নম্বৰৰ চোৰাং খাৰুৱা তেল ভৰ্তি এখন টেংকাৰ জব্দ কৰিছিল৷ চোৰাং তেল চক্ৰটোৰ বিৰুদ্ধে অইল কৰ্তৃপক্ষই দাখিল কৰিছে দহ খনকৈ এজাহাৰ ৷

খাৰুৱা তেলৰ সৈতে জড়িত লোকৰ তথ্য়ও লাভ কৰিছে অইল তথা তিনিচুকীয়া আৰক্ষীয়ে। ইয়াৰ পিছতো নিৰ্বিঘ্নে তেলচুৰি চক্ৰটোৱে চলাই গৈছে চোৰাং তেলৰ ব্য়ৱসায়। পনিয়া সোণৰ চোৰাং ব্যৱসায়ীৰ সৈতে জড়িত চক্ৰটো উৎখাত কৰাত আজিলৈকে সক্ষম হোৱা নাই আৰক্ষী প্ৰশাসন। এই সন্দৰ্ভত অইলৰ শীৰ্ষ বিষয়া তেলচুৰি চক্ৰটোৰ সৈতে জড়িত থকাৰ সন্দেহ কৰা হৈছে৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply