মাজবাটত ট্ৰেক্টৰ আৰু স্কুটিৰ মুখামুখি সংঘৰ্ষত নিহত যুৱতী

মাজবাট – ট্ৰেক্টৰ আৰু স্কুটিৰ মুখামুখি সংঘৰ্ষত নিহত এগৰাকী যুৱতী। দুৰ্ঘটনাত আহত অন্য এগৰাকী যুৱতী। আহত যুৱতী গৰাকীক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ।

ওদালগুৰি জিলাৰ মাজবাট থানা অন্তৰ্গত ওৰাং-মাজবাট ৰূপা পথত বুধবাৰে দুপৰীয়াৰ ভাগত সংঘটিত হয় এক ভয়াবহ পথ দুৰ্ঘটনা। দুপৰীয়া একমান বজাত ট্ৰেক্টৰ আৰু স্কুটিৰ মাজত হোৱা মুখামুখি সংঘৰ্ষত এগৰাকী যুৱতী থিতাতে নিহত হোৱাৰ লগতে অন্য এগৰাকী যুৱতী গুৰুত্বৰভাৱে আহত হয়। আহত যুৱতী গৰাকীক সংকটজনক অৱস্থাত তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়।

জানিব পৰা মতে দুপৰীয়া এক মান বজাত লামাবাৰী চাহ বাগিচাৰ পৰা এখন স্কুটি বাহনেৰে পল্লৱী সহানি আৰু পুনম সহানি নামৰ দুগৰাকী যুৱতী কিবা সকামত মাজবাট অভিমুখে আহি থকা অৱস্থাত মাজবাটৰ পৰা লামাবাৰী দিশে গৈ থকা এএছ-১৩-চি-৬৯১৭ নম্বৰৰ ট্ৰেক্টৰ এখনৰ লগত যুৱতী দুগৰাকীয়ে চলাই অহা স্কুটিখনৰ মুখামুখি সংঘৰ্ষ হয়। ট্ৰেক্টৰখনৰ খুন্দাত যুৱতী দুগৰাকী বহু দুৰলৈ চিটিকি পৰে।

পথ দুৰ্ঘটনাত পল্লৱী সহানি নামৰ যুৱতী গৰাকী থিতাতে নিহত হোৱাৰ লগতে পুণম সহানিক সংকটজনক অৱস্থাত তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়। ইফালে দুৰ্ঘটনা সংঘটিত কৰি ট্ৰেক্টৰখন ঘটনাস্থলীৰ পৰা লগে লগে পলায়ন কৰে যদিও স্থানীয় সাংবাদিকৰ সহায়ত মাজবাট আৰক্ষীয়ে ট্ৰেক্টৰখন উদ্ধাৰ কৰি মাজবাট থানালৈ লৈ আহে। দুৰ্ঘটনা সংঘটিত কৰা ট্ৰেক্টৰখনৰ চালক বৰ্তমানেও পলাতক অৱস্থাত আছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,059 other subscribers

Leave a comment

Leave a Reply