মাজবাট – ওদালগুৰি জিলাৰ মাজবাটৰ পাঠকপুৰ প্ৰাথমিক বিদ্যালয় প্ৰাংগণত ভাৰতীয় সেনাৰ ৰেড হৰ্ণ ডিভিজনৰ ওদালগুৰিৰ গোলন্দি সেনা চাউনি আৰু মাজবাট সেনা চাউনিৰ সহযোগত এটি পশু চিকিৎসা শিবিৰ অনুষ্ঠিত কৰা হয়।
শিবিৰত অঞ্চলটোৰ কেইবাখনো গাঁৱৰ ৰাইজে গৰু, কুকুৰ, গাহৰি, ছাগলী আদি পশুধন সমূহৰ স্বাস্থ্য পৰীক্ষা কৰে। মাজবাট ৰাজহ চক্ৰ বিষয়া সৰোজ সোণোৱালে শুভাৰম্ভ কৰা শিবিৰটোত পশু চিকিৎসক ড০ কোবেন শৰ্মাৰ লগতে চাৰিজন সহায়ক উপস্থিত থাকি পশুধন সমূহক চিকিৎসা আগবঢ়ায়।
ভাৰতীয় সেনাৰ ৰেড হৰ্ণ ডিভিজনৰ লগতে ওদালগুৰিৰ গোলন্দি সেনা চাউনি আৰু মাজবাট সেনা চাউনিৰ এই পদক্ষেপৰ বাবে স্থানীয় ৰাইজে সেনাবাহিনীৰ শলাগ লয়।