মাজুলী– মাজুলীত ‘স্বচ্ছ, জৈৱিক আৰু আত্মনিৰ্ভৰ গ্ৰাম্য নিৰ্মাণ অভিযান’ৰ শুভাৰম্ভনী। ৰাষ্ট্ৰীয় পৰ্যায়ৰ সামাজিক সংগঠন ব্ৰাডাৰ্চৰ উদ্যোগত মাজুলীৰ চেলেক, চেঁচাচুক আৰু পুৰণা চাপৰি গাঁৱক সামৰি ‘স্বচ্ছ, জৈৱিক আৰু আত্মনিৰ্ভৰ গ্ৰাম্য নিৰ্মাণ অভিযান’ নামেৰে এক কাৰ্যসূচীৰ শুভাৰম্ভ হয়। এই সন্দৰ্ভত নামনি মাজুলীৰ চেলেক মৰংঘৰত ললিত কুলিৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত হয়।

বিবেকানন্দ কেন্দ্র চেলেকৰ অধ্যক্ষ নীলকান্ত পেগুৱে উদ্বোধন কৰা সভাখনিত অঞ্চলটোৰ গন্যমান্য ব্যক্তিৰ লগতে কৃষক, শ্ৰমিকসহ শতাধিক গাঁওবাসী উপস্থিত থাকে। সভাত সমাজকৰ্মী, ব্ৰাডাৰ্চৰ সচিব প্ৰধান ড’ দিব্যজ্যোতি শইকীয়াই মাজুলীৰ অতিকে প্ৰত্যন্তৰ চেলেক, চেঁচাচুক আৰু পুৰণা চাপৰি গাঁও তিনিখনক সামৰি ধনাত্মক চিন্তাৰে বিভিন্ন দিশত আগুৱাই নিয়াৰ পৰিকল্পনাৰে এই পদক্ষেপ গ্রহণ কৰা হৈছে বুলি ব্যক্ত কৰে ।
স্থানীয় ভাবে উৎপাদিত বাঁহ, কাঠ আদিৰে বিভিন্ন সা-সামগ্ৰী নিৰ্মাণ কৰা, বয়ন, মুখা, নাও শিল্প আৰু কৃষিৰ যোগেদি অঞ্চলবাসীক আত্মনিৰ্ভৰশীল তথা অৰ্থনৈতিক ভাবে টনকিয়াল কৰি তোলাৰো ব্যবস্থা কৰা হ’ব বুলি তেঁও জানিবলৈ দিয়ে। ইয়াৰ পূৰ্বে পুৱা গাঁওবাসীয়ে হাতে হাতে ঝাৰু, কোৰ লৈ গাঁৱৰ চৌপাশ পৰিস্কাৰ পৰিচন্ন কৰে। ইয়াৰ পিছতে অঞ্চলটোৰ ৰাজহুৱা স্থান আৰু পথৰ দাঁতিত ফলমূলৰ গছ ৰোপন কৰে। উল্লেখ্য সামাজিক সংগঠনটোৱে চৰকাৰী কোনো আঁচনি, অনুদান গ্ৰহণ নকৰাকৈ ৰাইজৰ সেৱাৰ্থে আগবঢ়োৱা এনে কাৰ্যৰ শলাগ লৈছে ৰাইজে। সামগ্ৰীকভাবে এই অভিযানৰ ফলত তিনিওখন গাঁৱেই সামাজিক, অৰ্থনৈতিক, সাংস্কৃতিক আদি দিশত অগ্রণী গাঁও হিচাপে স্বীকৃতি পাবলৈ সক্ষম হ’ব।