গুৱাহাটী – মাজুলীবাসীৰ দীর্ঘদিনীয়া দাবীৰ অন্তত শীঘ্ৰেই নির্মাণ কাৰ্য আৰম্ভ হ’ব সংযোগী দলংৰ৷ সর্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰে নিমাতীঘাট আৰু মাজুলীৰ মাজত দলং নির্মাণৰ প্রতিশ্রুতি অনুসৰিয়েই এই নিৰ্মাণকাৰ্য শীঘ্ৰেই আৰম্ভ হ’ব। কালি অনুষ্ঠিত মন্ত্রী পৰিষদৰ বৈঠকৰ পাছতে এই কথা নিশ্চিত হৈছে।

কালি খানাপাৰাৰ অসম প্রশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত কেবিনেট বৈঠকত উদ্যোগ আৰু পৰিবহণ মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে সংবাদ মাধ্যমৰ আগত কয় যে দলংখন নির্মাণৰ বাবে ইতিমধ্যে বিস্তৃত প্রকল্প প্রতিবেদন অৰ্থাৎ ডি পি আৰ প্রস্তুত হৈছে৷ মাজুলীলৈ সংযোগী দলংখনৰ নিৰ্মাণ কৰিবলগীয়া সংস্থাক সকাহ দিবলৈ তাত ব্যৱহৃত হ’বলগীয়া বালি, তীখা, বিতুমিন আদিৰ ক্ষেত্রত জি এছ টি, ৰয়েল্টী আৰু স্থানীয় কৰ ৰেহাই দিয়া হ’ব বুলিও জনাইছে আৰু ইতিমধ্যে ইয়াত মন্ত্রী পৰিষদে অনুমোদনো জনাইছে৷

ইয়াৰ উপৰি দলংখনৰ প্ৰাৰম্ভিক আৰু শেষাংশৰ বাবে ভূমি অধিগ্রহণৰ ব্যয় ৰাজ্য চৰকাৰে বহন কৰাৰ ক্ষেত্ৰতো কেবিনেটে অনুমোদন জনাইছে৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply