মাজুলী জেংৰাইমুখ মহাবিদ্যালয় অধ্যক্ষ বিৰুদ্ধে প্ৰতিবাদ Credit: ইষ্ট ম'জ'

মাজুলী: মাজুলী জেংৰাইমুখ মহাবিদ্যালয়ৰ অধ্যক্ষ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে জেংৰইমুখ আঞ্চলিক টি এম পি কে লগতে বিভিন্ন দল সংগঠনে।মহাবিদ্যালয় খনৰ অধ্যক্ষ ড° নৱ কুমাৰ পেগুয়ে টকা লৈ কেইবাটাও নিম্নবৰ্গৰ সহায়ক পদত মকৰল কৰাৰ অভিযোগ সংগঠনটোৰ । মহাবিদ্যালয় খনত অবৈধ ভাবে নিযুক্তি দিয়া লগতে বহু দুৰ্নীতি সংঘটিত কৰা অভিযোগ উত্থাপন কৰিছে ৰাইজৰ লগতে টি এম পি কে নামৰ সংগঠনটোৱে।

দীৰ্ঘ দিন ধৰি বিনা বেতনে কাম কৰি থকা প্ৰাৰ্থীক বঞ্চিত কৰি পৰিচালনা সমিতিৰ সভাপতি আৰু অধ্যক্ষ মিলি মোটা অংকৰ ধনৰ বিনিময়ত গোপনে চাৰি গৰাকী প্ৰাৰ্থীক নিযুক্তি দিয়াৰ ঘটনা পোহৰলৈ অহাৰ লগে লগে ক্ষুন্ন হৈ পৰিছে স্থানীয় দল সংগঠন। প্ৰতিবাদী ৰাইজ আৰু সংগঠনে মহাবিদ্যালয় খনৰ অধ্যক্ষ কোঠাত তলা মাৰি প্ৰতিবাদ সাব্যস্ত কৰে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply