মাজুলী-যোৰহাট দলং নিৰ্মাণৰ সামগ্ৰী কঢ়িয়াই অনা উত্তৰ প্ৰদেশ ব্ৰিজ কঞ্চট্ৰাক্সন প্ৰথমখন গাড়ী মাজুলীত উপস্থিত Credit: ইষ্ট ম'জ'

যোৰহাট – মাজুলীবাসীয়ে বহু দিনৰ পৰা আশা কৰি থকা বহুপ্রত্যাশিত মাজুলী–যোৰহাট দলঙৰ কাম আৰম্ভ হোৱা পথত৷ অহা ১৮ ফেব্রুৱাৰীত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে নির্মাণৰ শুভাৰম্ভ কৰিব বৃহৎ নদীদ্বীপটোক সংযোগ কৰিবলগীয়া দলঙৰ৷ উক্ত দিনা ভিডিঅ’ কনফাৰেঞ্চৰ জৰিয়তে প্রধানমন্ত্রীয়ে এই অনুষ্ঠানত সংযোগ হ’ব৷

উল্লেখ্য যে ২০১৬ চনত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ নেতৃত্বাধীন মিত্রজোঁট চৰকাৰ গঠনৰ পাছতে মাজুলী আৰু যোৰহাটৰ মাজত ব্রহ্মপুত্রৰ ওপৰত এখন দলং নির্মাণৰ প্রস্তাৱ দাখিল কৰা হৈছিল৷ সেই অনুসৰি কেন্দ্রীয় পথ পৰিবহণ মন্ত্রী নীতিন গাডকাৰিয়ে এই দলঙৰ আধাৰশিলা স্থাপন কৰিছিল৷ যোৱা সময়ছোৱাত দলংখনৰ নির্মাণক লৈ অনিশ্চয়তা সৃষ্টি হৈছিল যদিও শেহতীয়াকৈ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে দলংখনৰ নির্মাণৰ ক্ষেত্রত বিশেষ আগভাগ লৈ অনিশ্চয়তা আঁতৰাই অৱশেষত কাৰিকৰী কামৰ মাংগলিক শুভাৰম্ভ কৰাৰ বাবে সাজু হৈছে ৷

মাজুলীৰ দক্ষিণপাটত ৰাষ্ট্রীয় গড়কাপ্টানী বিভাগে এক বিশেষ মাংগলিক কার্যৰে ইয়াৰ কাৰিকৰী কর্ম আৰম্ভ কৰে৷ দক্ষিণপাটৰ কলিতা গাঁৱৰ দক্ষিণপাট পঞ্চায়তৰ সমীপত গড়কাপ্ঢানী ৰাষ্ট্রীয় পথ বিভাগৰ আয়ুক্ত, মুখ্য অভিযন্তাসহ বহুকেইগৰাকী বিষয়াৰ উপস্থিতিত আৰম্ভ হোৱা এই মাংগলিক কার্য্যই সকলো জল্পনা–কল্পনাৰ অৱসান ঘটাই মাজুলীৰ ইতিহাসত এক নতুন অধ্যায়ৰ পাতনিৰ শুভাৰম্ভণি কৰে৷ পূজাৰীৰ মন্ত্র উচ্চাৰণেৰে মাংগলিক কার্য সম্পন্ন কৰি বিভাগীয় বিষয়াসকলে দক্ষিণপাট পাৰঘাটৰ পুৰণা স্থান দর্শন কৰে৷ পাছত দক্ষিণপাট কলিতা গাঁৱত নির্মাণ কৰা অস্থায়ী কার্যালয়ত সমৱেত হৈ দলং নির্মাণৰ বিভিন্ন দিশ আলোচনা কৰে৷

মাজুলীৰ দলঙৰ নির্মাণৰ দায়িত্ব ইউ পি ষ্টেট ব্রিজ কর্প’ৰেচনক প্রদান

ইফালে, ৰাষ্ট্রীয় পথ পৰিবহণ মন্ত্রালয়ে টুইটাৰযোগে মাজুলীৰ দলঙৰ নির্মাণৰ দায়িত্ব ইউ পি ষ্টেট ব্রিজ কর্প’ৰেচনক প্রদান কৰাৰ কথা ঘোষণা কৰিছে৷ ৯২৫ কোটি টকা ব্যয়েৰে ৪ বছৰৰ ভিতৰত নির্মাণ সম্পূর্ণ কৰিব লগা দলংখনৰ দৈর্ঘ্য ৮ কিলোমিটাৰ৷ এই দলঙৰ শুভাৰম্ভ কার্যত প্রতিজন মাজুলীবাসীৰ বাবে কঢ়িয়াই আনিছে বিশেষ আশাৰ বতৰা৷ ৫ বছৰ পূর্বে আধাৰশিলা স্থাপন কৰি ৪ বছৰৰ ভিতৰত দলং নির্মাণ সম্পূর্ণ কৰাৰ লক্ষ্য বন্ধাৰ বাবে মাজুলীবাসীয়ে ৰাজ্য চৰকাৰক শুভেচ্ছা জ্ঞাপন কৰিছে৷

ইতিমধ্যে মাজুলী-যোৰহাট দলং নিৰ্মাণৰ সামগ্ৰী কঢ়িয়াই অনা উত্তৰ প্ৰদেশ ব্ৰিজ কঞ্চট্ৰাক্সন প্ৰথমখন গাড়ী মাজুলীত উপস্থিত হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply