মাজুলী সাংস্কৃতিক বিশ্ববিদ্য়ালয়ৰ বেৱছাইট মুকলি

গুৱাহাটী- মুখ্য়মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শনিবাৰে মাজুলী সাংস্কৃতিক বিশ্ববিদ্য়ালয়ৰ বেৱছাইট মুকলি কৰে। এই বেৱছাইটো হৈছে muoc.ac.in

এই ৱেবচাইটৰ জৰিয়তে দেশ বিদেশৰ ছাত্ৰ ছাত্ৰী,অভিভাৱকৰ লগতে পৰ্যটক সকলে বিশ্ববিদ্যালয়ৰ খনৰ বিভিন্ন তথ্য জানিব পাৰিব।

এই উপলক্ষে মাজুলী জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত সভাত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে কয় ,’ ভৱিষ্যতৰ দিনত এই সাংস্কৃতিক বিশ্ববিদ্যালয়খনে অসমৰ বৃহত্তৰ সমাজক সাংস্কৃতিক দিশত ঐক্যবদ্ধ কৰি ৰখাত প্ৰমুখ্য ভূমিকা ল’ব লাগিব। বিশ্ববিদ্যালয়খনে সমন্বয়ক অধিক সমৃদ্ধ কৰাৰ লগতে অসমৰ সাংস্কৃতিক ভেটিটোক ভৱিষ্যতলৈ টনকিয়াল কৰি ৰখাৰ ক্ষেত্ৰত দিকনিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব লাগিব।’

অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই মুখ্যমন্ত্ৰীক বিশ্ববিদ্যালয়ৰ বিভিন্ন পাঠ্যক্ৰম আৰু অনান্য শিক্ষামূলক বিষয়ৰ বিষয়ে এটি প্ৰেজেন্টেশ্যান দিয়ে। সভাত ভাষণ প্ৰদান কৰি উপাচাৰ্য ড° ডম্বৰুধৰ নাথে মুখ্যমন্ত্ৰীক জনায় যে ২০২১ বৰ্ষৰ পৰা বিশ্ববিদ্যালয়খনে ৫ টা পাঠ্যক্ৰমত পাঠদান আৰম্ভ কৰিব।সম্প্ৰতি এই পাঠদান পূব মাজুলী মহাবিদ্যালয় শ্ৰেণী কোঠাত অস্থায়ীভাবে আৰম্ভ হ’ব বুলিও জনায়।

বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক গৰাকীয়ে জনায় যে ইতিমধ্যে বিশ্ববিদ্যালয়ৰ অনুমোদন আয়োগে বিশ্ববিদ্যালয়ৰ খনৰ ডিগ্ৰী প্ৰদানৰ স্বীকৃতি প্ৰদান কৰিছে। এই মহাবিদ্যালয় খনৰ বাবে গড়মূৰৰ সমীপৰ লুইত নদী পাৰত ১০০ বিঘা মাটি আবন্টন দিয়া হৈছে।

এই অনুষ্ঠানত উপস্থিত থাকে উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাদৰ্ন দেৱগোস্বামী, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সচিব সুদৰ্শন ঠাকুৰ, মাজুলী জিলা উপায়ুক্ত বিক্ৰম কৈৰী,মাজুলীৰ জিলা পৰিষদ সভানেত্রী পাপু হাজৰিকা দত্ত, বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত পঞ্জীয়ক নৰনাৰায়ণ নাথ, বিশ্ববিদ্যালয়ৰ শৈক্ষিক পৰিষদৰ সদস্য ড° হেমচন্দ্ৰ গোস্বামী, হৰিচৰন ভূঞা বৰবায়নৰ লগতে উপস্থিত থাকে প্ৰমুখ্য গণ্য মান্য ব্যক্তি সকল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply