নিউজ ডেস্ক: মাজনিশাৰ পৰা প্ৰতি লিটাৰ পেট্ৰ’ল আৰু ডিজেলৰ মূল্য ৫ টকালৈকে হ্ৰাস পাব৷ বিধানসভাত লেখানুদান বাজেট দাখিল কৰি এই ঘোষণা বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আনহাতে, সুৰাৰ ওপৰত আৰোপ কৰা গড় হিচাপত প্ৰায় ২৫% অতিৰিক্ত উপ-কৰ উঠাই দিয়া হৈছে। কোভিড–১৯ৰ সময়ছোৱাত আৰোপ কৰা হৈছিল এই কৰ।
হিমন্ত বিশ্ব শৰ্মাৰ মতে, এই হ্রাসৰ পিছত অসমত পেট্ৰ’ল-ডিজেলৰ মূল্য গুজৰাটৰ পিছতে সৰ্বনিম্ন হ’ব। এই কৰ প্ৰত্যাহাৰ কৰাৰ ফলত অসম চৰকাৰৰ বছৰি ১১০০ কোটি টকাৰ লোকচান হ’ব।