যোৰহাট উকিল সন্থা নৱনিৰ্মিত ভৱন আৰু পদসেতু আধাৰশিলা স্থাপন Credit: আহত টাটা ম'বাইল মিনি ট্ৰাকখনৰ চালক-হেণ্ডিমেন

নগাঁও – ভোগালী বিহুৰ দিনাই নগাঁৱৰ জাজৰিত ভয়ংকৰ ঘটনা। মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ মহিলাৰ মৃতদেহ। হত্যাৰ অভিযোগত আটক স্বামী।

ভোগালী বিহুৰ আনন্দ উল্লাহৰ মাজতেই নগাঁৱত পোহৰলৈ আহিছে এক ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনা। বিহুৰ দিনটোতেই নগাঁৱৰ জাজৰিৰ ন-সত্ৰত মাটিত পুতি থোৱা অৱস্থাত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হোৱাক লৈ অঞ্চলটোত সৃষ্টি হয় ব্যাপক চাঞ্চল্যৰ।

বৃহস্পিতিবাৰে পুৱাই মৃতদেহটোৰ কিছু অংশ মাটিৰ ওপৰত প্ৰত্যক্ষ কৰি স্থানীয় লোকে আৰক্ষীক খবৰ দিয়ে। স্থানীয় লোকৰ খবৰৰ ভিত্তিত ঘটনাস্থলীত জাজৰি আৰক্ষী উপস্থিত হৈ মাটি খান্দি উদ্ধাৰ কৰে এগৰাকী মহিলাৰ মৃতদেহ।

উদ্ধাৰ হোৱা মৃতদেহটো ন-সত্ৰৰ কিৰণ কলিতাৰ পত্নী বুলি চিনাক্ত কৰা হয়। মহিলা গৰাকীক স্বামীয়েই হত্যা কৰি মাটিৰ তলত পুতি থোৱাৰ সন্দেহ প্ৰকাশ কৰে স্থানীয় ৰাইজে। পত্নী হত্যাৰ অভিযুক্ত কিৰণ কলিতাক ইতিমধ্যেই জাজৰি আৰক্ষীয়ে আটক কৰি তদন্ত আৰম্ভ কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply