নিউজ ডেস্ক: ঢেকীয়াজুলিৰ বিশাল জনসভাক সম্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয়, মাতৃভাষাতে গ্ৰহণ কৰিব পাৰিব মেডিকেল, কাৰিকৰী শিক্ষা। শীঘ্ৰেই অসমত আৰম্ভ হ’ব স্থানীয় ভাষাত মেডিকেল, কাৰিকৰী শিক্ষা।
ইয়াৰ লগতে শেহতীয়াকৈ ভাৰতীয় চাহক লৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত চলা অভিসন্ধিৰ বাবে ঢেকীয়াজুলিৰ মঞ্চৰ পৰাই ষড়যন্ত্ৰকাৰীক সাৱধানবাণী শুনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ জনগোষ্ঠীয়ে ভাষাৰে ভাষণ আৰম্ভ কৰি মোডীয়ে অসম বাসীলৈ ধন্যবাদ জনাই। ঢেকিয়াজুলিৰ ’৪২ ৰ শ্বহীদক স্মৰণ কৰি মোডীয়ে ত্ৰিৰংগাৰ সন্মানৰ বাবে আত্মবলিদান দিয়া শ্বহীদ সকলোৰে আদৰ্শ বুলি মন্তব্য কৰে।

আজিৰ অনুষ্ঠানতে প্ৰধানমন্ত্ৰী মোডীয়ে মুকলি কৰিলে ৫ শ কোটী টকীয়া অসম মালা আঁচনিৰ। লগতে চৰাইদেউ আৰু বিশ্বনাথ মেডিকেল কলেজৰো আধাৰশিলা স্থাপন কৰে। বিজেপি নেতৃত্বাধীন চৰকাৰে যোৱা ৫ বছৰত ৫ খন মেডিকেল কলেজ স্থাপন কৰিলে বুলি উল্লেখ কৰে। হিংসা বিদ্বেষ পিছ পিলাই উত্তৰ পূৱ আগৱাঢ়িছে বুলি মন্তব্য কৰি প্ৰধানমন্ত্ৰীয়ে কয়, গুৱাহাটী হ’ব আধুনিক চিকিৎসাৰ কেন্দ্ৰবিন্দু। চাংসাৰিৰ এইমছ হ’ব উত্তৰ পূৱৰ ভৰষা।

মোদীয়ে তেওঁৰ ভাষণত অসমৰ চাহৰো উচ্চ প্ৰশংসা কৰে। চাহ বাগিছাৰ গৰ্ভৱতী মহিলাৰ বাবে বিশেষ সুবিধা প্ৰদান কৰাৰ কথা উল্লেখ কৰি চাহ বাগিচাৰ শ্ৰমিকসকলৰ জীৱন ধাৰণৰ মান উন্নত কৰাৰ বাবে তেওঁৰ চৰকাৰে পদক্ষেপ গ্ৰহণ কৰা বুলি মোদীয়ে তেওঁৰ ভাষণত উল্লেখ কৰে।