গুৱাহাটী – আজি মাত্ৰ ২৭ মিনিটতে ব্ৰহ্মপুত্ৰ নদী সাতুৰি পাৰ হ’ল এটি কিশোৰ। উত্তৰ গুৱাহাটীৰ এইগৰাকী যুৱ সাতোৰবিদ কমল কৃষ্ণ দাস। আজি খাৰঘুলিৰ পৰা সাতুৰিবলৈ আৰম্ভ কৰি মাত্ৰ ২৭ মিনিটতে উত্তৰ গুৱাহাটীৰ মধ্যম খণ্ড ফেৰী ঘাটত উপস্থিত হয় কমল কৃষ্ণ।

ছেইণ্ট এন্থনী বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰগৰাকীয়ে কয়, “মই সদায়েই মহাবাহু ব্ৰহ্মপুত্ৰ সাতুৰি পাৰ হোৱাৰ সপোন পুহি ৰাখিছিলো। আজি ২৭ মিনিটতে পাৰ হ’লো। গুৱাহাটীৰ খাৰঘুলিৰ পৰা মই সাতোৰ আৰম্ভ কৰিছিলো আৰু মাত্ৰ ৭ মিনিটত মই উমানন্দ পাইছিলো। কিন্তু নদীৰ এইখিনি ঠাইত পানীৰ গতি খুব বেছি হোৱা বাবে উত্তৰ গুৱাহাটী পাওতে আৰু ২০ মিনিট লাগিল।”

তেওঁ লগতে কয়, “মই প্ৰতিদিনেই প্ৰায় ৪৫ মিনিটকৈ অনুশীলন কৰো। ভৱিষ্যতে এগৰাকী ভাল সাতোৰবিদ হৈ অসমক ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিনিদিত্ব কৰিবলৈ বিচাৰো।”

উল্লেখ্য যে ২০১৮ চনৰ ৫ ছেপ্তেম্বৰত ব্ৰহ্মপুত্ৰৰ মাজত সংঘটিত ফেৰী দুৰ্ঘটনাত দুগৰাকীকৈ মহিলাৰ প্ৰাণ ৰক্ষা কৰাৰ পিছতে চৰ্চালৈ আহিচিল এইগৰাকী কমল কৃষ্ণ। ইয়াৰ পিছত ৰাষ্ট্ৰীয় সাহসিকতাৰ সন্মানেৰে সন্মানিত কৰিছিল ৰাষ্ট্ৰপতিয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply