নিউজ ডেস্ক– এজনী কণমানি ৰান্ধনী । বিভিন্ন ধৰণৰ সু-স্বাদু আহাৰ তৈয়াৰ কৰাত খুৱেই চৌখিন তাই। তাইৰ হাতৰ পাক কলাত সকলো মোহিত। এই কণমানি জনীয়ে ৫৮ মিনিটত তৈয়াৰ কৰিব পাৰে ৪৬ বিধ বিভিন্ন ধৰণৰ ব্য়ঞ্জন। চেন্নাইৰ এই ১০বছৰীয়া লক্ষ্মী সাইয়ে মাত্ৰ ৫৮ মিনিটত ৪৬বিধ ব্য়ঞ্জন তৈয়াৰ কৰি গঢ়িলে ৱৰ্ল্ড ৰেকৰ্ড। ‘য়ুনিক বুক অৱ ৱৰ্ল্ড’ ৰেকৰ্ড নাম সন্নিবিষ্ট কৰিবলৈ সক্ষম হৈছে লক্ষ্মী সাইয়ে।
Tamil Nadu: A girl entered UNICO Book Of World Records by cooking 46 dishes in 58 minutes in Chennai yesterday. SN Lakshmi Sai Sri said, "I learnt cooking from my mother. I am very happy". pic.twitter.com/AmZ60HWvYX
— ANI (@ANI) December 15, 2020
এই সাফল্য়ৰ আঁৰত কণমানি লক্ষ্মী সাইয়ে মাতৃক কৃতজ্ঞতা জ্ঞাপন কৰি কয়, ‘মই এই ক্ষেত্ৰত মোৰ মাক ধন্য়বাদ দিব বিচাৰিছো। কাৰণ তেওঁয়ে মোক সুস্বাদু খাদ্য় তৈয়াৰ কৰিবলৈ শিকাইছিল। আজি মই বহুত আনন্দিত। মই নিজৰ ওপৰতে গৌৰৱ অনুভৱ কৰিছো’।
কণমানি লক্ষ্মীয়ে লকডাউনৰ সময়তে মাতৃৰ পৰা খাদ্য় বনাবলৈ শিকিছিল। কম সময়তে সুস্বাদু আহাৰ তৈয়াৰ কৰিব পৰা লক্ষ্মীৰ কৌশল দেখি পিতৃয়ে কন্য়াৰ প্ৰতিভা সকলোৰে আগলৈ যাতে আহে তাৰবাবেই প্ৰচেষ্টা হাতত লয়। সেই পদক্ষেপ হিচাপে লক্ষ্মীৰ প্ৰতিভা ‘য়ুনিক বুক অৱ ৱৰ্ল্ড’ অনুষ্ঠানে স্বীকৃতি দিয়ে।