মাথাউৰীৰ মাটি অবৈধভাৱে কাটি বিক্ৰী

চামগুৰি – মাথাউৰীৰ মাটি অবৈধভাৱে কাটি বিক্ৰী। জে চি বি লগাই কাটিছে কলাং নদীৰ মাথাউৰীৰ মাটি। প্ৰতি গাড়ী মাটি বিক্ৰী হৈছে ৫০০ টকাত। ৰাইজৰ বাধা প্ৰদান মাটি কটা জে চি বিক। প্ৰতিবাদ কৰি ৰাইজে বন্ধ কৰে মাথাউৰীৰ মাটি কটা কাৰ্য।

নগাঁও জিলাৰ চামগুৰিৰ বৰমাবিল গাঁৱত বুধবাৰে ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। বৰমাবিল গাঁৱৰ সমীপত কলং নদীৰ মাথাউৰীৰ মাটি কাটি নিয়ক কেন্দ্ৰ কৰি ৰাইজ ক্ষোভিত হৈ প্ৰতিবাদ কৰিবলৈ বাধ্য হয়। ঠিকাদাৰৰূপী দুৰ্বৃত্তই অবৈধভাৱে কলাং নদীৰ মাথাউৰীৰ মাটি কাটি বিক্ৰী কৰাৰ অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে।

ক্ষুব্ধ স্থানীয় একাংশ ৰাইজে এই হঠকাৰী কাণ্ডৰ বিৰুদ্ধে ওলাই আহি মাথাউৰীৰ মাটি কাটি থকা জে চি বিক বাধা প্ৰদান কৰে। ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি মাথাউৰীৰ মাটি কটা কাৰ্য বন্ধ কৰাৰ লগতে এই কাৰ্যৰ লগত জড়িত ঠিকাদাৰ আটাবুৰ ৰহমানৰ বিৰুদ্ধে ব্যৱস্থাৰ গ্ৰহণ কৰাৰ দাবী জনায়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply