গুৱাহাটী- ‘ৰাজ্য়ত এতিয়াৰে পৰা দিয়া নহ’ব কোনো ধৰণৰ ধৰ্মীয় শিক্ষা, এতিয়াৰে পৰা ৰাজ্যত নাথাকিব হাই মাদ্ৰাছা।’ সোমবাৰে জনতা ভৱনত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল সম্বোধন কৰি এই কথা ঘোষণা কৰে।
লগতে মন্ত্ৰী গৰাকীয়ে কয়, ‘সাধাৰণ বিদ্যালয়লৈ ৰূপান্তৰ কৰা হ’ব হাই মাদ্ৰাছা সমূহ। ভংগ হ’ব ষ্টেট মাদ্ৰাছা বোৰ্ড। ৰাজ্যত বৰ্তমান সময়ত আছে ৫৪২খন চৰকাৰী মাদ্ৰাছা, ১৪১খন হাই মাদ্ৰাছা, ৯৭খন সংস্কৃত টোল ৷ চলিত মাহৰ শেষৰফালে হ’বলগীয়া বিধানসভা অধিৱেশনত ৰাজ্য চৰকাৰে মাদ্ৰাছা বিলুপ্তিকৰণৰ বাবে আনিব আইন ৷ ২০২২ত ভংগ হ’ব ৰাজ্যিক মাদ্ৰাছা বোৰ্ডো ৷ সাধাৰণ চৰকাৰী বিদ্যালয়ৰ দৰে কোনো পাৰ্থক্য নাথাকিব চৰকাৰী মাদ্ৰাছাৰ মাজত ৷’
আনহাতে এতিয়াৰে পৰা সংস্কৃত টোল সমূহ আহিব ভাস্কৰ বৰ্মা বিশ্ববিদ্যালয়ৰ অধীনলৈ। সংস্কৃত টোলত পঢ়া সকলে লাভ কৰিব ডিগ্ৰী, ডিপ্ল’মা ৷
দেওঁবাৰে কেবিনেটত লোৱা সিদ্ধান্ত সমূহৰ ভিতৰত অন্যতম হৈছে মাদ্ৰাছা আৰু সংস্কৃত টোলক লৈ লোৱা সিদ্ধান্ত ৷