মানকাচাৰ – ধুবুৰী-ফুলবাৰী দলঙৰ আধাৰশিলা স্থাপনক লৈ মানকাচৰত ৰাইজৰ মাজত আনন্দ উল্লাস। ফটকা ফুটাই মিঠাই বিতৰণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জ্ঞাপন এআইইউডিএফৰ।
দেশ তথা এছিয়াৰ ভিতৰত সৰ্ব বৃহৎ দলঙ ধুবুৰী-ফুলবাৰী দলঙৰ কামৰ আধাৰশিলা বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ভিডিঅ কনফাৰেন্সযোগে স্থাপন কৰাক লৈ মানকাচৰবাসী ৰাইজ আনন্দ উল্লাস পালন কৰাৰ লগতে মানকাচৰ জিলা এআইইউডিএফে ফটকা ফুটাই ৰাইজৰ মাজত মিঠাই বিতৰণ কৰি প্ৰধানমন্ত্ৰী গৰাকীক ধন্যবাদ জ্ঞাপন কৰে।
উল্লেখযোগ্য যে বছৰ বছৰ ধৰি দক্ষিণ শালমাৰা-মানকাচৰ জিলাবাসীৰ লগতে চুবুৰীয়া ৰাজ্য মেঘালয়ৰ ৰাইজে ধুবুৰী-ফুলবাৰী সংযোগী ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত দলঙ নিৰ্মাণৰ দাবী উত্থাপন কৰি আহিছিল। ইফালে ধুবুৰীৰ সাংসদ মৌলানা বদৰুদ্দিন আজমলকে ধৰি বিভিন্ন দলৰ সাংসদ-বিধায়ক সকলো ধুবুৰী-ফুলবাৰী দলঙ নিৰ্মাণ হ’ব লাগে বুলি বিধানসভা তথা লোকসভাত দাবী উত্থাপন কৰি আহিছিল।
অৱশেষত ৰাইজৰ দাবীৰ প্ৰতি সহাৰি জনাই বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে ধুবুৰী-ফুলবাৰী দলঙ নিৰ্মাণৰ বাবে প্ৰায় ৪.৫ হেজাৰ কোটি টকাৰ কামৰ আধাৰশিলা স্থাপন কৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰী গৰাকীয়ে ভিডিঅ’ কনফাৰেন্সযোগে এই আধাৰশিলা স্থাপন কৰাৰ লগে লগে দক্ষিণ শালমাৰা-মানকাচৰ জিলাবাসী আনন্দ উল্লাস পালন কৰা পৰিলক্ষিত হয়। একেদৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক মানকাচৰ জিলা এআইইউডিএফৰ সভাপতি নজমুল আৰফিন ধন্যবাদ জ্ঞাপন কৰাৰ লগতে ফটকা ফুটাই ৰাইজৰ মাজত মিঠাই বিতৰণ কৰে।
মন কৰিবলগীয়া বিষয় যে অভিবক্ত ধুবুৰী জিলাৰ অধীনস্থ দক্ষিণ শালমাৰা-মানকাচৰ মহকুমাৰ ৰাইজে চৰকাৰী কাম-কাজৰ বাবে ধুবুৰীলৈ প্ৰায় ৫ ঘণ্টা সময় ব্ৰহ্মপুত্ৰ নদীৰে পাৰ হৈ চৰম অসুবিধা ভূগি অহাৰ ফলত ২০১৫ চনতে অসম চৰকাৰে দক্ষিণ শালমাৰা-মানকাচৰ মহকুমাক জিলালৈ উন্নীতকৰণ কৰিছে। বৰ্তমানেও বহু চৰকাৰী কাৰ্যালয় অভিবক্ত ধুবুৰী জিলাৰ লগত ৰৈ থকাৰ বাবে ৰাইজে একে ধৰণৰ অসুবিধা ভূগ কৰি আছে। এই ক্ষেত্ৰত ধুবুৰী-ফুলবাৰী সংযোগী দলঙখন নিৰ্মাণ হোৱাৰ লগে লগে দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ প্ৰায় ৭ লক্ষাধিক লোকৰ লগতে চুবুৰীয়া ৰাজ্য মেঘালয়ৰ ৰাইজে উপকৃত হ’ব।