হাটশিঙিমাৰী কলেজ খেলপথাৰত প্ৰতিবাদ

হাটশিঙিমাৰী– গৃহৰক্ষী বাহিনী নিযুক্তিৰ চূড়ান্ত তালিকাৰ অনিয়মৰ অভিযোগত হাটশিঙিমাৰী কলেজ খেলপথাৰত সোমবাৰে প্ৰতিবাদ। বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে গৃহৰক্ষী নিযুক্তিৰ বাছনি তালিকাৰ পৰা বঞ্চিত জিলাখনৰ একাংশ নিৱনুৱা যুৱকে।

উল্লেখ্য যে, নতুনকৈ গঠিত হোৱা দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ১১০ খন গৃহৰক্ষী বাহিনী পদৰ বাবে যোৱা ২৫ আৰু ২৬ নৱেম্বৰত মানকাচৰৰ চামৰাচালি ২৬ নং অসম আৰক্ষী বাহিনীৰ কেম্পত অনুষ্ঠিত হৈছিল সাক্ষাৎকাৰৰ প্ৰক্ৰিয়া।

গৃহৰক্ষী বাহিনী পদৰ বাবে আবেদন কৰিছিল জিলাখনৰ প্ৰায় এক সহস্ৰাধিক নিবনুৱা যুৱকে। বিজ্ঞাপনত এছচি, এছটি, অবিচি, জেনেৰেল, ড্ৰাইভাৰ আৰু কম্পিউটাৰ আদি পদৰ নিযুক্তিৰ ক্ষেত্ৰত কোনো ধৰণৰ আসন সংৰক্ষণ থকা বুলি উল্লেখ নকৰাৰ লগতে সাক্ষাৎকাৰৰ নীতি নিয়মৰ ক্ষেত্ৰতো খেলিমেলি আৰু নিযুক্তিৰ চূড়ান্ত তালিকাৰ অনিয়মৰ অভিযোগ উত্থাপিত হৈছে।

আনকি সাক্ষাৎকাৰত প্ৰথম স্থান দখল কৰা যুৱকক বাছনি কৰাৰ বিপৰীতে সাক্ষাৎকাৰত স্থান নোপোৱা যুৱকৰ নাম চূড়ান্ত তালিকাত অন্তৰ্ভুক্ত হোৱাৰো অভিযোগ উত্থাপিত হৈছে। ইফালে, নিযুক্তি তালিকাখনৰ চৰ জমিন তদন্তৰ বাবেও জিলা উপায়ুক্তক এখন লিখিত অভিযোগ দাখিল কৰাৰ লগতে ডিআইজিপিক ইয়াৰ প্ৰতিলিপি দাখিল কৰে প্ৰতিবাদকাৰী নিবনুৱা যুৱক সকলে। ঘটনা সন্দৰ্ভত চিবিআই তদন্তৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক দাবী জনাইছে জিলাখনৰ একাংশ নিবনুৱা যুৱকে।

ইপিনে, উক্ত নিযুক্তিৰ চূড়ান্ত তালিকা বাতিল কৰাৰ বাবে নিবনুৱা যুৱক সকলে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব বুলিও জানিবলৈ দিয়ে। সম্প্ৰতি উক্ত ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। শেহতীয়াকৈ বিজেপি চৰকাৰে এই ক্ষেত্ৰত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে এয়া পৰৱৰ্ত্তী সময়ত হে হ’ব লক্ষ্যণীয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply