মানকাচৰ– দক্ষিণ শালমাৰা মানকাচৰত “নমো ফাউণ্ডেশ্যন”ৰ প্ৰশংসনীয় পদক্ষেপ। এই স্বেচ্ছাসেৱী সংগঠনে গ্ৰামাঞ্চলৰ দুখীয়া নিচলা শিশুৰ পৰা বৃদ্ধ -বৃদ্ধালৈকে প্ৰত্যক্ষ ভাৱে সহায় কৰি আহিছে। দক্ষিণ শালমাৰা মানকাচৰ জিলাতো “নমো ফাউণ্ডেশ্যন” য়ে স্বেচ্ছামূলক কাম-কাজ আৰম্ভ কৰিছে।
জিলা খনৰ “নমো ফাউণ্ডেশ্যন”ৰ সভাপতি সঞ্জয় বোসে মানকাচৰৰ অস্থায়ী কাৰ্যালয় প্ৰাংগনত শনিবাৰে কণ কণ দুখীয়া শিশু সকলক পুষ্টিকৰ আহাৰ প্ৰদান কৰে।

সমগ্ৰ দেশৰ দুখীয়া পৰিয়াল, শিশু, বিধৱা মহিলা, বৃদ্ধ,বৃদ্ধা সকলক সেৱা আগবঢ়াবলৈ কেন্দ্ৰীয় চৰকাৰে এই স্বেচ্ছাসেৱী সংগঠন গঠন কৰিছে। নৱগঠিত কেন্দ্ৰীয় চৰকাৰৰ “নমো ফাউণ্ডেশ্যন” নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে পিছপৰা জিলাখনৰ জনগণৰ হকে বিভিন্ন পদক্ষেপ হাতত ল’ব বুলি সাংবাদিকৰ আগত মন্তব্য কৰে।