মানকাচৰ – মানকাচৰত সংখ্যালঘু ছাত্ৰ বৃত্তিৰ নামত ভয়ংকৰ জালিয়তি। ঠাকৰাণবাৰী জাতীয় বিদ্যালয়ত ১৪৩ গৰাকী ভুৱা ছাত্ৰৰ নামত ১৫ লাখ টকাৰ ভয়াবহ দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ। ছাত্ৰ বৃত্তি সুবিধাৰ পৰা বঞ্চিত বহু প্ৰকৃত ছাত্ৰ।

এইবাৰ দক্ষিণ শালমাৰা মানকাচৰ জিলাত সংখ্যালঘূ ছাত্ৰ বৃত্তিৰ ধনক লৈ ভয়ংকৰ জালিয়াতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে। মানকাচৰৰ ঠাকৰাণবাৰী জাতীয় বিদ্যালয়ত ২০১৯-২০ বৰ্ষত এজনো প্ৰকৃত ছাত্ৰই নাপালে সংখ্যালঘু ছাত্ৰ বৃত্তিৰ ধন। অথচ বিদ্যালয়খনৰ পৰা এই বেলি মুঠ ১৪৩ গৰাকী ভুৱা ছাত্ৰৰ নামত উঠোৱা হৈছে প্ৰায় ১৫ লাখ টকা। প্ৰাপ্ত তথ্য মতে নিম্ন প্ৰাথমিক ছাত্ৰৰ নামৰ ৫,৭০০ ৰ পৰা উচ্চ প্ৰাথমিক ছাত্ৰৰ নামত ১০,৭০০ টকা পর্যন্ত উঠোৱা হৈছে বিদ্যালয়খনৰ পৰা।

ঘটনাক লৈ বিদ্যালয়খনৰ প্ৰকৃত ছাত্ৰৰ অভিভাৱসকলে বিদ্যালয়খনৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে। বিদ্যালয়খনৰ পৰা এইবেলি মুঠ ১৪৩ গৰাকী শিক্ষাৰ্থীয়ে এই আঁচনিৰ ধন লাভ কৰা বুলি পৰ্টেলত স্পষ্ট ভাৱে উল্লেখ আছে। অথচ এই শিক্ষাৰ্থী কেইজন ভুৱা বুলি অভিযোগ কৰিছে একাংশই। ইয়াৰ এজনো শিক্ষাৰ্থী বিদ্যালয়খনত অধ্যয়নৰত নহয় বুলি জানিবলৈ দিয়ে অভিযোগকাৰী সকলে। বিদ্যালয়খনৰ কৰ্তৃপক্ষই ভুৱা শিক্ষাৰ্থী দেখুৱাই ছাত্ৰ বৃত্তিৰ ১৫ লাখ টকা জালিয়াতি কৰাৰ অভিযোগ অভিভাৱসকলৰ।

মন কৰিবলগীয়া যে ইতিমধ্যে সচেতন মহলৰ লগতে একাংশ অভিভাৱকে বিদ্যালয়খনৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰাৰ পাছতেই বিদ্যালয়খনৰ প্ৰধান শিক্ষক ছাকোৱাত হুচেইন কাষ চাপিছে জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ ওচৰত। বিদ্যালয়খনৰ কৰ্তৃপক্ষই জানিব দিয়া মতে ছাত্ৰ বৃত্তিৰ নামৰ বিদ্যালয়খনৰ পৰা এইবেলি কোনো শিক্ষাৰ্থীৰ নাম পৰ্টেলত অন্তৰ্ভুক্ত কৰা হোৱা নাই। তেওঁলোকৰ বিদ্যালয়খনৰ নামত ১৪৩ গৰাকী ভুৱা শিক্ষাৰ্থীৰ নামত ধন কেনেকৈ আৰু কোনে লাভ কৰিলে তাক লৈ চিন্তিত হৈ পৰিছে বিদ্যালয়খনৰ কৰ্তৃপক্ষ। ইতিমধ্যে জিলা উপায়ুক্তক ঘটনাৰ তদন্ত বিচাৰি লিখিত অভিযোগ দাখিল কৰিছে প্ৰধান শিক্ষক গৰাকী।

আনহাতে মানকাচৰ থানাত এই সন্দৰ্ভত এজাহাৰ দাখিল কৰিব বুলিও প্ৰধান শিক্ষক গৰাকীয়ে জানিবলৈ দিয়ে। মন কৰিবলগীয়া যে প্ৰকৃততে কোনে কেনেকৈ ছাত্ৰৰ বৃত্তিৰ এই ১৫ লাখ টকা ভুৱা শিক্ষাৰ্থী দেখুৱাই উঠাই ললে তাক লৈ ৰহস্যৰ সৃষ্টি হৈছে মানকাচৰত। ঘটনাৰ আঁৰত শিক্ষা বিভাগৰ কোনোবা চৰকাৰী বিষয়া জড়িত হৈ আছে নেকি ? জিলা প্ৰশাসন আৰু আৰক্ষীৰ তদন্তৰ পাছত প্ৰকৃত তথ্য পোহৰলৈ আহিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,054 other subscribers

Leave a comment

Leave a Reply