মানকাচৰৰ কালাপানী- লক্ষীশ্বৰী অঞ্চলৰ ৰাইজৰ যাতায়াতৰ নামত নৰক যন্ত্ৰণা

মানকাচৰ: দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰৰ পৰা প্ৰায় ২০ কিলোমিটাৰ নিলগৰ বৃহত্তৰ কালাপানী অঞ্চলৰ এই স্থানত এসময়ত এখন দলঙ আছিল। কালোনদীৰ ওপৰত থকা কালাপানী – লক্ষীশ্বৰী সংযোগী কাঠৰ দলং খন কেইবা বছৰ আগতে মেঘালয়ৰ পৰা বৈ অহা পানীৰ ঢ়লে উটুৱাই লৈ গৈছিল।

তেতিয়াৰ পৰা দলংখন নথকাৰ বাবে অঞ্চল খনৰ লক্ষাধিক ৰাইজৰ লগতে স্কুল,কলেজৰ ছাত্ৰ ছাত্ৰীয়ে বিপদসংকুল ভাবে বাৰিষাত টুলুঙা নাৱেৰে আৰু খৰালিত বাঁহৰ সাঁকোৰে পাৰাপাৰ হৈ আহিছে।

মানকাচৰৰ কালাপানী- লক্ষীশ্বৰী অঞ্চলৰ ৰাইজৰ যাতায়াতৰ নামত নৰক যন্ত্ৰণা

তদুপৰি গাঁঠিৰ ধন খৰচ কৰি নদী খন পাৰাপাৰ কৰিব লাগে। এই স্থানত যাতায়তৰ বাবে পুনৰ দলং এখন নিৰ্মাণ কৰাৰ বাবে দীৰ্ঘদিন ধৰি অঞ্চলবাসী দাবী জনাই আহিছে। কিন্তু এইক্ষেত্ৰত কি সংশ্লিষ্ট বিভাগ, কি জনপ্ৰতিনিধি কোনেও গুৰুত্ব প্ৰদান কৰা নাই ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,060 other subscribers

Leave a comment

Leave a Reply