মানকাচৰ – দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰৰ অসম-মেঘালয় সীমান্তৱৰ্তী বাঘাপাৰাত জিলা বিজেপিৰ উদ্যোগত ৫ হেজাৰ লোকৰ মাজত বিনামূলীয়া স্বাস্থ্য পৰীক্ষাৰ লগতে ঔষধ বিতৰণ কৰি জিলা বিজেপিয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে উল্লেখযোগ্য যে দক্ষিণ শালমাৰা-মানকাচৰ জিলা বিজেপিৰ সভাপতি আলতাফ হুছেইনৰ নেতৃত্বত জিলা বিজেপিয়ে দেওবাৰৰ পৰা বিনামূলীয়া চিকিৎসা শিবিৰ কাৰ্যসূচী আৰম্ভ কৰিছে।
অসম-মেঘালয় সীমান্তৱৰ্তী বাঘাপাৰা মহাবিদ্যালয় খেল পথাৰত দেওবাৰে প্ৰথম দিয়া মুঠ ১০ টা অস্থায়ী চিকিৎসা কক্ষ নিৰ্মাণ কৰি মুঠ ৩০ গৰাকী চিকিৎসা কৰ্মীৰ দ্বাৰ এই স্বাস্থ্য পৰীক্ষা আৰু ঔষধ বিতৰণৰ কাৰ্যসূচী হাতত লোৱা হৈছে।ইফালে জিলাখনৰ অধীনত থকা ২১ নং মানকাচৰ সমষ্টিৰ বাঘাপাৰাকে ধৰি মুঠ তিনিটা স্থান আৰু ২২ নং দক্ষিণ শালমাৰা সমষ্টিৰ আন তিনিটা স্থানসহ মুঠ ৬ টা স্থানত জিলা বিজেপিয়ে এইদৰে বিনামূলীয়া স্বাস্থ্য পৰীক্ষাৰ লগতে ঔষধ বিতৰণৰ কাৰ্যসূচী হাতত লৈছে।
প্ৰতিটো শিবিৰৰ জৰিয়তে দৰিদ্ৰ অঞ্চলৰ মুঠ ৫ হেজাৰকৈ লোকক বিনামূলীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰি ঔষধ বিতৰণ কৰা হ’ব বুলি জিলা বিজেপিৰ সভাপতি আলতাফ হুছেইনে জানিবলৈ দিয়ে। মন কৰিবলগীয়া বিষয় যে বিজেপিৰ এই বিনামূলীয়া স্বাস্থ্য পৰীক্ষা আৰু ঔষধ বিতৰণ শিবিৰত মুখ্য অতিথি হিচাপে বিজেপিৰ জিলা সভাপতি আলতাফ হুছেইন উপস্থিত থকাৰ লগতে বিশিষ্ট অতিথি তথা মুখ্য চিকিৎসক হিচাপে উপস্থিত থাকে গজাৰীকান্ধী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসা বিষয়া ডাঃ ছিৰাজুল ইছলাম।