গুৱাহাটী – ২৬ নৱেম্বৰত অন্তিম সৎকাৰ কৰা হ’ব প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ। অৱশ্যে এই পৰ্যন্ত অন্তিম সৎকাৰৰ বাবে স্থান নিৰ্ধাৰণ কৰাৰ কথা ঘোষণা কৰা নাই চৰকাৰে। এতিয়ালৈ কোনো ঠাই নিৰ্ধাৰণ কৰিব নোৱাৰাটো দুৰ্ভাগ্যৰ বিষয় বুলি উল্লেখ কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই।

ইতিমধ্যে প্ৰদেশ কংগ্ৰেছে প্ৰয়াত তৰুণ গগৈৰ সমাধি ক্ষেত্ৰৰ বাবে এটুকুৰা মাটি বিচাৰি চৰকাৰক আহ্বান জনাইছে। জানিব পৰামতে এতিয়ালৈকে চৰকাৰে কোনো চৰকাৰী মাটি অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰিবলৈকে যুগুত কৰি দিয়া নাই।

উল্লেখযোগ্য যে,যদি চৰকাৰে মাটিৰ ব্যৱস্থা কৰি নিদিয়ে তেন্তে মানবেন্দ্ৰ শৰ্মা কমপ্লেক্সতে গগৈৰ সৎকাৰ কৰা হ’ব বুলি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই জনাইছে। অৱশ্যে বৰাই চৰকাৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ অন্তিম সৎকাৰৰ বাবে এটুকুৰা চৰকাৰী মাটি আগবঢ়াব বুলি আশা কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply