লামডিং– ডিমা হাচাও জিলাৰ মান্দাৰদিচাত মঙলবাৰে হঠাতে টোল গেট মুকলি কৰাক লৈ তীব্ৰ অসন্তোষ্টি প্ৰকাশ কৰিছে ডিমাচা ছাত্ৰ সংগঠনৰ | টোলগেট খোলাৰ ২৪ ঘন্টাৰ ভিতৰতে প্ৰতিবাদৰ সৃষ্টি হৈছে অঞ্চলটোত |
সদৌ ডিমাচা ছাত্ৰ সংগঠন আৰু ডিমাচা ছাত্ৰ সংগঠনে ইতিমধ্যে টোলগেটৰ কৰ সংগ্ৰহ বন্ধ কৰি দিছে |
ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মান কাম সম্পূৰ্ণ হোৱা আগতেই এইদৰে কালিৰ পৰা মন্দাৰদিচাত টোল প্লাজা মুকলি কৰাত ক্ষোভ প্ৰকাশ সংগঠনটোৰ | ৫৪ নং আৰু ২৭ নং ৰাষ্ট্ৰীয় পথৰ কাম সম্পূৰ্ণ নকৰাকৈ কৰ সংগ্ৰহ অভিযান অব্যাহত ৰাখিলে কাইলৈৰ পৰা অৰ্নিদিষ্ট সময়লৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ হুংকাৰ দিয়ে সংগঠনটোৰ নেতৃত্বই |
ৰাষ্ট্ৰীয় ঘাইপথৰ কামত নিয়োজিত বহু কোম্পানীয়ে কোটি কোটি টকা লুণ্ঠন কৰাৰ অভিযোগ সদৌ ডিমাচা ছাত্ৰ সন্থাৰ সভাপতি উত্তম লাংঠাছাৰ ৷