নিউজ ডেক্স: ১ কোটি টকা ঘোচ লৈ গ্ৰেপ্তাৰ হ’ল ৰে’ল বিভাগৰ বিষয়া। দেওবাৰে চিবিআইয়ে গ্ৰেপ্তাৰ কৰিলে ‘Indian Railways Engineering Service (IRES)’-ৰ এগৰাকী জ্যেষ্ঠ বিষয়াক। আনহাতে একেসময়তে অসম, দিল্লী,ত্ৰিপুৰা,চিকিম উত্তৰাখণ্ডৰ প্ৰায় ২০ স্থানত অভিযান চলাই আন কেতবোৰ গুৰুত্বপূৰ্ণ তথ্য উদ্ধাৰ কৰিছে।
প্ৰাপ্ত খবৰ অনুসৰি, বিষয়াগৰাকীয়ে নৰ্ডাৰ্ণ ইষ্টাৰ্ণ ফ্ৰণ্টিয়াৰ ৰেল’ৱেৰ কাম দিয়াৰ নাম এজন ব্যক্তিৰ পৰা উৎকোচ বিচাৰিছিল ।
উল্লেখ্য যে, ১৯৮৫ বেটছৰ বিষয়া মহেন্দ্ৰ সিং চৌহান। দেওবাৰে চিবিআইয়ে চৌহানৰ লগতে আন দুজন লোককো ইতিমধ্যে গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে। গ্ৰেপ্তাৰ কৰাৰ পিছতে বিষয়াগৰাকীক চিবিআইয়ে জিম্মাত লৈছে।