ইণ্টাৰনেশ্যনেল ডেস্ক – পশ্চিম আফ্ৰিকাৰ মালিত অৱস্থিত অল কায়দাৰ ঘাটিত ফৰাছী বায়ুসেনাৰ আক্ৰমণ ।এই সংঘৰ্ষত ৫০ জনৰো অধিক অল কায়দাৰ সদস্য নিহত হোৱাৰ তথ্য সদৰী কৰিছে ফৰাচী চৰকাৰে ।ফ্ৰান্সৰ প্ৰতিৰক্ষা মন্ত্ৰী ফ্লোৰেন্স পাৰ্লিয়ে জনোৱা অনুসৰি
শুক্ৰবাৰে নাইজেৰিয়াৰ সীমান্ত অঞ্চলত ফৰাচী সেনা এটা দলে অভিযান চলায় ।লগতে ড্ৰোনেৰেও এই অঞ্চলত নিৰীক্ষণ কৰা হৈছিল।নিৰীক্ষণত ধৰা পৰে আনাৰুল ইছলাম গোষ্ঠীৰ এটা বিশাল কনভয় ।এই আনাৰুল গোষ্ঠীয়ে আল কায়দাৰ হৈ একেলগে কাম কৰে ।
লগতে তেওঁ কয় , ‘ অল কায়দাৰ আশ্রয়স্থল বুলি নিশ্চিত হোৱাৰ পিছতে ফৰাচী বায়ুসেনাই আক্ৰমণ কৰে সেই ঘাটিত।এই আক্ৰমণত ৫০ জনৰো অধিক সন্ত্ৰাসবাদী নিহত হৈছে ।জীৱন্তে উদ্ধাৰ হৈছে চাৰি জন ।লগতে বৃহৎ পৰিমাণৰ বিস্ফোৰকৰ লগতে অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰা হৈছে।’
উল্লেখ্য যে যোৱা জুন মাহতে ফৰাছী সেনাৰ হাতত নিহত হৈছিল অল কায়দাৰ শীৰ্ষ নেতা আবদেল মালেক।তেওঁৰ মৃত্যুৰ পাছতে ইয়াদ আঘ ঘালিৰ তত্বাৱধানত আছিল এই অঞ্চলটো। পিছে ফৰাচী সেনাৰ এই অভিযানত অল কায়দাৰ এই শীৰ্ষ নেতা জন নিহত হৈছে নে নাই সেই বিষয়ত নিশ্চিত নহয় ফৰাচী সেনা।