নিউজ ডেস্ক– সমগ্ৰ বিশ্বতেই কৰোণা ভাইৰাছে তীব্ৰ গতিত সংক্ৰমিত হৈছে। ৰাজধানী দিল্লীত মাস্ক নিপিন্ধা লোকক দুই হাজাৰ টকা পৰ্যন্ত জৰিমনা বিহা হৈছে। আৰক্ষীয়েও মাস্ক পৰিধান নকৰা লোকৰ বিৰুদ্ধে কঠোৰ হৈ পৰা দেখা গৈছে। ঠিক সেই সময়তে এটা ভিডিঅ’ য়ে ছ’চিয়েল মিডিয়াত তীব্ৰ চৰ্চিত হৈছে।
ভিডিঅ’টোত দেখা গৈছে ফুটপাথত বহি সামগ্ৰী বিক্ৰী কৰি থকা দোকানী জনক এজন ব্যক্তিয়ে সোধালে প্ৰচণ্ড চৰ । সকলো হতভম্ব ।
ব্যক্তিজনে দোকানীজনক মাস্ক পৰিধান কৰাৰ বিষয়ে সুধি সুধি সোধাইছে এপাটৰ পিছত আনপাট চৰ।
मास्क इसलिए भी ज़रूरी है. pic.twitter.com/MzKHLIouEk
— Awanish Sharan (@AwanishSharan) November 22, 2020
মাস্ক নিপিন্ধা ব্যক্তি সকলৰ বিৰুদ্ধে একাংশই লৈছে এই পদক্ষেপ।
ছ’চিয়েল মিডিয়াত সম্প্ৰতি ভাইৰেল হৈ পৰিছে এই ভিডিঅ’।
অৱনীশ শৰণ নামৰ এজন আই এ এছ বিষয়াই নিজৰ টুইটাৰ একাউণ্টত প’ষ্ট কৰে এই ভিডিঅ’টো । ভিডিঅ’ টোৰ কেপচনত লিখে , ‘মাস্ক পিন্ধাটো এই কাৰণেই জৰুৰী’
ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা এই ভিডিঅ’ টো প্ৰায় আঠ হেজাৰৰো অধিক লোকে প্ৰত্যক্ষ কৰিছে। বহুতে ৰগৰ কৰি বিভিন্ন মন্তব্যও কৰিছে।
এই ঘটনাটো ক’ত সংঘটিত হৈছে সেই বিষয়ে একো মন্তব্য কৰা নাই অৱনীশ শৰণে। ভিডিঅ’ প্ৰত্যক্ষ কৰি কোনো কোনোৱে এই ঘটনাটো পাকিস্তানৰ বুলিও কমেণ্টত লিখিছে।