মায়ং কণিষ্ঠ মহাবিদ্যালয়ৰ স্বত্বাধিকাৰ,অধ্যক্ষ বিনয় চলিহাক গ্ৰেপ্তাৰ মৰিগাঁও আৰক্ষীৰ Credit: ফাইল ফটো

মৰিগাঁও: মায়ং কণিষ্ঠ মহাবিদ্যালয়ৰ স্বত্বাধিকাৰ,অধ্যক্ষ বিনয় চলিহাক গ্ৰেপ্তাৰ মৰিগাঁও আৰক্ষীৰ ।শিক্ষাক ব্যবসায় হিচাবে হিচাবে লৈ আৰম্ভ কৰা মহাবিদ্যালয় খনৰ জড়িয়তে ভুৱা চাৰ্টিফিকেটেৰে শিক্ষাজগত খনেই কলুষিত কৰি অহাৰ অভিযোগ এই গৰাকী অধ্যক্ষৰ বিৰুদ্ধে ।

অভিযোগ অনুসৰি বিনয় চলিহাই দীৰ্ঘদিন ধৰি ভুৱা শিক্ষাগত প্ৰমাণ পত্ৰ ,জাল মাৰ্ক চিট প্ৰস্তুত কৰি এক ৰমৰমীয়া ব্যৱসায় চলাই আহিছিল। সমগ্ৰ মৰিগাঁও জিলাতে তেওৰ দ্বাৰা বিতৰণ কৰা দুই নম্বৰী মাৰ্কছিট, চাৰ্টিফিকেটে ভৰি আছে ।

বিগত বৰ্ষত লাখ লাখ টকাৰ বিনিময়ত নিশাৰ ভিতৰতে বি এড পাছ প্ৰমাণ পত্ৰ যোগান ধৰা বুলিও অভিযোগ উঠিছে ।মৰিগাঁও আৰক্ষী অধীক্ষক ডঃ নন্দ সিং বৰকলাৰ নেতৃত্বত অতিৰিক্ত আৰক্ষী অধীক্ষক আৰু মায়ং আৰক্ষীয়ে জেৰা চলাইছে অভিযুক্ত অধ্যক্ষ জনক।

মায়ং আৰক্ষীয়ে আদালতৰ পৰা দুদিনৰ জিম্মাত লোৱা বিনয় চলিহাক জেললৈ প্ৰেৰণ কৰিছে । এজন যুৱকৰ এজাহাৰৰ ভিত্তিত মায়ং থানাত এই সন্দৰ্ভত 34/2021 নম্বৰত ভাৰতীয় দণ্ডবিধি আইনৰ 420/406/468/471 ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰিছে আৰু কেইবা জনৰো সাক্ষ্য গ্ৰহণ কৰিছে। মৰিগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বিনয় চলিহা ‘ৰিপৰ্টাৰ অসম’ নামৰ ৱেব পৰ্টেল এটাৰ কাৰ্যবাহী সঞ্চালক আছিল । গ্ৰেপ্তাৰ হোৱাৰ খবৰ পাইয়েই ততাতৈয়াকৈ পদবীৰ পৰা অপসাৰণ কৰে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply