নিউজ ডেস্ক – একেৰাহে তৃতীয়বাৰৰ বাবে মাৰ্কিন হাউচৰ প্ৰতিনিধি হিচাপে মনোনীত হৈছে ভাৰতীয় মূলৰ ডেমক্ৰেটিক কংগ্ৰেছৰ নেতা ৰাজা কৃষ্ণমূৰ্তি। ইলিন’ইজৰ ৮ম কংগ্রেছী জিলাৰ পৰা নিৰ্বাচিত হৈছে নেতা গৰাকী ।
৪৭ বছৰীয়া কৃষ্ণমূৰ্তিৰ জন্ম হৈছিল নতুন দিল্লীত আৰু তেওঁৰ পিতৃ-মাতৃ তামিলনাডুৰ। তেওঁক ২০১৬ চনত প্ৰতিনিধি হিচাপে নিৰ্বাচিত কৰা হৈছিল।
তেওঁ মাৰ্কিন চিনেটৰ লিবাৰ্টিয়ান পাৰ্টিৰ প্ৰিষ্টন নেলছনক পৰাস্ত কৰে।
এই নিৰ্বাচনত কেলিফ’ৰ্ণিয়াৰ এমি বেৰা পঞ্চম বাৰলৈ প্ৰতিনিধি দৌৰত জয় লাভ কৰিছিল ।