নিউজ ডেস্ক: ধেমাজীৰ জনসভাত অংশ লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অসমৰ নিৰ্বাচনৰ দিন মাৰ্চ মাহৰ প্ৰথম সপ্তাহতে ঘোষণা হোৱাৰ ইংগিত দিয়ে | যোৱা নিৰ্বাচনৰ সৈতে মিলাই মোডীয়ে মাৰ্চৰ প্ৰথম সপ্তাহতে হোৱাৰ কথা উল্লেখ কৰে , লগতে এইবোৰ বিষয় নিৰ্বাচন আয়োগেহে চাব বুলিও কয় |

প্রধানমন্ত্রী মোদীয়ে ধেমাজি জিলাৰ কুলাজানত সোমবাৰে উপস্থিত হৈ বহুপ্রতীক্ষিত ধেমাজি অভিযান্ত্রিক মহাবিদ্যালয়খনৰ শুভ উদ্বোধন কৰে৷ কুলাজানৰ পিয়াং চাপৰিত তেওঁ এখন বিশাল জনসভা সম্বোধন কৰাৰ লগতে তাৰ পৰাই বুটাম টিপি অভিযান্ত্রিক মহাবিদ্যালয়খন উদ্বোধন কৰে ৷ ইয়াৰ লগতে ৰিম’টৰ জৰিয়তে আনুষ্ঠানিকভাৱে শুৱালকুছি অভিযান্ত্রিক মহাবিদ্যালয়ৰো শিলান্যাস কৰে। আনহাতে ইণ্ডিয়ান অইলৰ বঙাইগাঁও শোধনাগাৰত আই এন ডি এম এ এক্স ইউনিট, ডিব্রুগডৰ মধুবনত ভাৰতীয় তৈল নিগম (অইল)ৰ ছেকেণ্ডাৰী টেংক ফার্ম আৰু তিনিচুকীয়াৰ মাকুমৰ হেবেদা গাঁৱত স্থাপিত গেছ কম্প্রেছৰ ষ্টেচন ৰাষ্ট্ৰলৈ উছৰ্গা কৰে।

ধেমাজীৰ জনসভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

প্ৰধানমন্ত্ৰীগৰাকীৰ আগমন উপলক্ষে আয়োজন কৰা বিশাল জনসভাত সম্বোধন কৰি মোদীয়ে কয়- ‘উত্তৰ অসমক পূৰ্বৰ চৰকাৰে মাহীআইৰ দৃষ্টিৰে চাইছিল, আমাৰ চৰকাৰে ভেদভাৱ নোহোৱা কৰিলে।’ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ধেমাজি জিলাৰ চিলাপথাৰৰ শিতলমাৰী চাপৰিত অনুষ্ঠিত বৃহৎ ৰাজহুৱা সভাত অংশ লবৰ বাবে জোনাই, ধেমাজি, ঢকুৱাখনা, মাজুলী, লখিমপুৰ, বিহপুৰীয়া, ডিব্ৰুগড়, চাবুৱা, মৰাণ, টিংখং, লাহোৱাল, মাৰ্ঘেৰিটা, তিনিচুকীয়া আৰু শিৱসাগৰ সমষ্টিৰ পৰা মানুহ আহিছিল ৰেল আৰু বাছেৰে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply