বিদ্যুৎচালিত ৰে’লসেৱা Credit: প্ৰতিনিধিত্বমূলক ফটো

নিউজ ডেস্ক– অতি শীৰ্ঘ্ৰেই ৰাজ্যত চলিব বিদ্যুৎ চালিত ৰে’ল। নিউ বঙাইগাঁৱৰ পৰা ৰঙিয়ালৈ চলিব এই ৰেলসেৱা। ক্ষিপ্র গতিত চলি আছে ৰে’ললাইনৰ আধুনিকীকৰণৰ কাম। দিনে-নিশাই আগিয়াঠুৰী ষ্টেচনত ব্যস্ত আছে ২০০ শ্রমিক। মাৰ্চৰ ভিতৰত সম্পূৰ্ণ হ’ব কাম।

বঙাইগাঁও, সৰভোগ, নলবাৰী, কামাখ্যাত থাকিব চাৰ্জিং ষ্টেচন। ইয়াৰ সমান্তৰালকৈ গুৱাহাটীৰ পৰাও লামডিং আৰু ডিব্ৰুগড়লৈ অহা মে’-জুন মাহৰ পৰা বৈদ্যুতিক ৰে’ল চলাচল আৰম্ভ হ’ব বুলি আশা কৰিছে উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ জনসংযোগ বিষয়া নৃপেন ভট্টাচাৰ্যই ।

উল্লেখ্য় যে ২০২৪ৰ ভিতৰত সমগ্র দেশতে হ’ব এই অত্যাধুনিক ৰে’লসেৱা ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply